NORTHEAST NOW (Assamese)
Popular Stories

আৰক্ষীৰ লোকক গুলীয়াই হত্যা কৰা বিকাশ ডুবেৰ মৃত্যু ঘটিল এনকাউণ্টাৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 9:02 am

উত্তৰ প্রদেশৰ কানপুৰত আৰক্ষীৰ আঠজন লোকক গুলীয়াই হত্যা কৰাৰ গোচৰত অভিযুক্ত কুখ্যাত অপৰাধী বিকাশ ডুবেৰ এনকাউণ্টাৰত মৃত্যু হয়।

উত্তৰ প্ৰদেশৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ এটা দলে বিকাশক উজ্জয়নৰ পৰা কানপুৰলৈ আনি থাকোতেই বিকাশে বহি অহা বাহনখন দুৰ্ঘটনাত পতিত হয়।

আৰক্ষীয়ে কোৱা মতে দুৰ্ঘটনাটোৰ পিছতে অভিযুক্ত বিকাশ ডুবে পলাবলৈ চেষ্টা কৰাত আৰক্ষীৰ দলটোৱে গুলী চলাবলৈ বাধ্য হয় য’ত তেওঁৰ শৰীৰত কেইবাটাও গুলী লাগি মৃত্যু হয়।

জানিব পৰা মতে, মধ্য প্ৰদেশৰ পৰা উত্তৰ প্ৰদশলৈ আনি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ ভিতৰত থকা কিছু আৰক্ষীকৰ্মী আঘাতপ্ৰাপ্ত হয় আৰু বিকাশে আঘাতপ্ৰাপ্ত আৰক্ষী কৰ্মীৰ পিষ্টল লৈ পলাবলৈ চেষ্টা চলাইছিল।

লগে লগে আৰক্ষীয়ে বিকাশ ডুবেক ঘেৰাও কৰি ধৰে আৰু আত্মসমৰ্পণ কৰিব দিয়ে কিন্তু তেওঁ আৰক্ষীক লক্ষ্য কৰি গুলী চলায়। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী চলায়।

বিকাশৰ দেহত কিমান গুলী লাগিছে সেয়া জানিব পৰা হোৱা নাই যদিও কিছু সংখ্যক আৰক্ষী কৰ্মী আহত হোৱা বুলি জানিব পৰা গৈছে।

৫দিন ধৰি আৰক্ষীয়ে চাৰিখনকৈ ৰাজ্যত অভিযান চলোৱাৰ অন্তত বৃহষ্পতিবাৰে মধ্যপ্ৰদেশৰ উজ্জয়নৰ মহাকাল মন্দিৰত পূজা কৰি ওলাই অহাৰ সময়তে আৰক্ষীৰ জালত পৰিছিল কুখ্যাত অপৰাধী ডুবে।