NORTHEAST NOW (Assamese)
অসম

আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য অশ্বিনী চেতিয়াৰ অকাল মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 9:34 am
Former AATASU advisor, BJP leader Aswini Chetia passes away

ৰাজ্যৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ নেতা অশ্বিনী চেতিয়াৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অকাল মৃত্যু ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি থকা অশ্বিনী চেতিয়াক কিছুদিন পূৰ্বে মহানগৰীৰ হেলথ চিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

যোৱা নিশা ১১.২০ বজাত অশ্বিনী চেতিয়াই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ ৮ বছৰীয়া পুত্ৰ সন্তানৰ লগতে পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে।

১৯৭০ চনত শিৱসাগৰৰ হাঁহচৰাৰ নপাম চেতিয়া গাঁৱত জন্মগ্ৰহণ কৰা অশ্বিনী চেতিয়া সৰুৰে পৰা আছিল জাতি-মাটিৰ প্ৰতি আনুগত্যশীল ব্যক্তি।

অনৱৰতে স্বদেশ আৰু স্বজাতিৰ কথা চিন্তা কৰা অশ্বিনী চেতিয়াই টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি পদত বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আটাছুৰ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হৈছিল।

জাতিৰ সেৱাত নিজকে নিয়োজিত কৰাৰ লক্ষ্যৰে তেওঁ বিজেপি দলত যোগদান কৰিছিল আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পদত নিষ্ঠাৰে সেৱা আগবঢ়াই গৈছিল।

ৰোগৰ চিকিৎসাৰ বোবে তেওঁ মুম্বাইলৈ যোৱাৰ কথা আছিল যদিও লক ডাউনৰ  বাবে মুম্বাইলৈ যাব পৰা নাছিল।

অশ্বিনী চেতিয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈৰ লগতে অন্যান্য বহুজনে।