NORTHEAST NOW (Assamese)
অসম

অসম প্ৰকাশন পৰিষদৰ নতুন অধ্যক্ষ ড০ হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2020 7:03 am
Himanta Biswa

অসম চৰকাৰৰ এক নিৰ্দেশনা অনুসৰি আগন্তুক তিনিটা বছৰৰ বাবে অসম প্ৰকাশন পৰিষদৰ নতুন সমিতিখন গঠন কৰা হৈছে।

অসমৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ, সুমন্ত চলিহাক উপাধ্যক্ষ আৰু অন্য ১০ গৰাকী সদস্যক লৈ মুঠ ১২ জনীয়া এই নতুন সমিতিখন গঠন কৰা হৈছে।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে, অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অধীনষ্ঠ অসম প্ৰকাশন পৰিষদৰ ১৯৫৯ চনৰ নিয়মাৱলীৰ ৪ অনুচ্ছেদ অনুসৰি অসম চৰকাৰে গঠন কৰি দিয়া উক্ত সমিতিখনত বিশিষ্ট লেখক-আভিধানিক সুমন্ত চলিহাক উপাধ্যক্ষ হিচাপে নিযুক্তি দিছে।

ইয়াৰ উপৰি এই সমিতিখনত সদস্য হিচাপে আছে বিশিষ্ট লেখক ৰূপম বৰুৱা, লেখক-গৱেষক ড০ গোবিন্দ টাইড, বিশিষ্ট লেক সুশীল কুৰ্মী, সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী শিক্ষাবিদ ড০ দয়ানন্দ বৰগোহাঁই।

ইয়াৰ উপৰি আছে বিশিষ্ট লেখক ড০ ছাইদুল ইছলাম, গৱেষক-ভাষাবিদ ড০ দীপ্তি ফুকন পাটগিৰি, লেখক ড০ প্ৰশান্ত চক্ৰৱৰ্তী, লেখক-গৱেষক ড০ উপেন ৰাভা হাকাচাম আৰু লেকক-চিন্তাবিদ ড০ ননীগোপাল মহন্ত।