NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ পৰা পলায়ন আলফা (স্বাধীন)ৰ উপ-মুখ্য সেনাপ্ৰধান দৃষ্টি ৰাজখোৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2020 9:37 pm
ULFA(I) deputy commander-in-chief Drishti Rajkhowa manage to escape from Meghalaya

আলফা (স্বাধীন)ৰ ম’ষ্ট ৱাণ্টেড উপ-মুখ্য সেনাপ্ৰধান দৃষ্টি ৰাজখোৱা বুধবাৰে মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ পৰা পলাবলৈ সক্ষম হৈছে।

১১ মাৰ্চৰ সন্ধিয়া ৮.৩০ বজাত দক্ষিণ গাৰো পাহাৰ জিলাৰ ব’লবকগ্ৰে গাঁৱত অচিনাক্ত দুৰ্বৃত্তই আৰক্ষীৰ দল এটাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে।

অঞ্চলটোত উগ্ৰপন্থী-বিৰোধী অভিযান চলাই থকা আৰক্ষীৰ দলটোৱে লগে-লগে তাৰ প্ৰত্যুত্তৰ দিয়ে।

দুয়োপক্ষৰ মাজত ৩০ মিনিটতকৈয়ো অধিক সময়জুৰি তীব্ৰ গুলীয়াগুলী সংঘটিত হয়। আৰক্ষীৰ দলটো দক্ষিণ গাৰো পাহাৰ জিলা বাহিনী আৰু এছ এফ-১০ কমাণ্ডোৰে গঠিত আছিল।

পিছত, আৰক্ষীৰ দলটোৱে অঞ্চলটো ঘেৰি ৰাখি এক বৃ্হৎ তালাচী অভিযান চলায়।

দলটোৱে এলেকাটোত মেগাজিনৰে সৈতে এটা এ কে ৮১ ৰাইফল, দুটা স্মুথ ব’ৰ ৰাইফল, তিনিটা পিষ্টল আৰু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে।

মেঘালয় আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক জি কে ইয়াংগ্ৰাই বৃ্হস্পতিবাৰে গধূলি কয় যে গুলী চলাই সাৰি যাবলৈ সক্ষম হোৱা দুৰ্বৃত্তক দৃষ্টি ৰাজখোৱাৰ সতীৰ্থ বুলি সন্দেহ কৰা হৈছে।

মেঘালয় আৰক্ষীৰ বিষয়াই কয় যে গুলীচালনাৰ সময়ত দৃষ্টি ৰাজখোৱাও ঘটনাস্থলীত উপস্থিত আছিল বুলি সন্দেহ কৰা হৈছে।

দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই গাৰো উগ্ৰপন্থী আৰু অপৰাধীৰ সৈতে মিলি কাম কৰে, আৰু পশ্চিম মেঘালয়ৰ গাৰো পাহাৰৰ সীমামূৰীয়া এলেকাসমূহত তেওঁ সঘনে ভুমুকি মাৰে।

যোৱা কিছু মাহত দৃষ্টি ৰাজখোৱাই বাংলাদেশৰ মৈমনসিং আৰু নেত্ৰকণা জিলাত আলফা (স্বা) আৰু জি এন এল এ কেডাৰক নেতৃত্ব দি আছে।

উগ্ৰপন্থীৰ গোটটো মেঘালয়ৰ গাৰো পাহাৰ জিলাত অপহৰণ আৰু ধনদাবীৰ সৈতে জৰিত।

দৃষ্টি ৰাজখোৱা ২০১১ চনলৈকে আলফাৰ ১০৯নং বেটেলিয়নৰ কমাণ্ডাৰ আছিল, পিছত তেওঁক আলফা (স্বা)ৰ উপ-মুখ্য সেনাপ্ৰধান পদলৈ পদোন্নতি দিয়া হয়।