NORTHEAST NOW (Assamese)
অসম

আজি দৰঙৰ ফুহুৰাতলী চাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ

Posted by: এন ই নিউজ ব্যুৰো, মঙলদৈ : November 24, 2017 7:13 am
আজি দৰঙৰ ফুহুৰাতলী চাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ

নিজৰ ঘৰৰ পৰা খেতিপথাৰলৈ বুলি ওলাই যোৱা এগৰাকী কৃষক আনন্দ দাস দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত বৃহস্পতিবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাত গোটেই দৰং জিলাতে উত্তেজনাই বিৰাজ কৰিছিল। একাংশ সন্দেহজনক লোকে কৃষকগৰাকীক হত্যা কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত অঘটন ঘটাৰ আশংকা কৰি আৰক্ষী তথা জিলা প্ৰশাসন সষ্টম হৈ আছে। দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ কুৰুৱাত সংঘটিত এই হত্যাকাণ্ডৰ পিছতে একাংশ উত্তেজিত লোকে সন্দেহজনক বুলি ধাৰণা কৰা লোকৰ ঘৰত আক্ৰমণ কৰে। আক্ৰমণকাৰীসকলে বহুতো ঘৰ ভাঙি পেলায়।

আজি দীৰ্ঘদিন ধৰি দৰং জিলাৰ কুৰুৱাৰ ফুহুৰাতলী চাপৰিত প্ৰায় ৩০০০ বিঘা মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ মাজতে আনন্দ দাস নামৰ কৃষকগৰাকী হঠাৎ নিৰুদ্দেশ হয় আৰু এদিন পিছতে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

কৃষক আনন্দ দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় ৰাইজে এই বেদখলকৃত ৩০০০ বিঘা মাটিত উচ্ছেদ অভিযান চলোৱাৰ হুংকাৰ দিছিল। কিন্তু আজি হঠাৎ জিলা উপায়ুক্তগৰাকীয়ে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী লগত লৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলায়। উপায়ুক্তগৰাকীয়ে আজি মুঠতে ২০০০ বিঘা মাটিত উচ্ছেদ চলিব বুলি জানিব দিয়ে। কুৰুৱাৰ ফুহুৰাতলী চাপৰিৰ বেদখলসমূহ এই উচ্ছদ অভিযানে সামৰি ল’ব।