NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ গণতন্ত্ৰ আৰু ন্যায় ব্যৱস্থা বিপথে পৰিচালিত বুলি বিদেশত প্ৰচাৰ চলিছে : ৰাহুল গান্ধীক টাৰ্গেট কিৰেণ ৰিজিজুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2023 5:48 pm

দেশৰ গণতন্ত্ৰ আৰু ন্যায়পালিকা বিপথে পৰিচালিত হৈছে বুলি দেশৰ ভিতৰেবাহিৰে প্ৰচাৰ চলোৱা হৈছে – এই অভিযোগ দেশৰ আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ।

শনিবাৰে এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে দেশৰ ন্যায়িক ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰা উচিত নহয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত থাকি ৰাহুল গান্ধীয়ে ভাৰতৰ গণতন্ত্ৰ আৰু ন্যায়পালিকা সংকটত আছে বুলি উল্লেখ কৰিছিল। ইয়াৰ লগতে নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা কৰিছিল ৰাহুল গান্ধীয়ে।

সেয়ে ৰাহুল গান্ধীক কাউন্টাৰ দিবলৈ কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভিতৰত আৰু বাহিৰত সদায় এটা বিশেষ গোটে দেশৰ গণতন্ত্ৰ আৰু ন্যায়পালিকাৰ সংকটত পৰিছে বুলি প্ৰচাৰ কৰি ফুৰে।

ৰিজিজুৱে দাবী কৰে যে বিশ্বত দেশৰ ভাবমূর্তি নষ্ট কৰিবলৈ এই কাম কৰা হৈছে৷ ৰিজিজুৱে অভিযোগ কৰে যে একাংশই বিচাৰিছে যে ন্যায়পালিকাই বিৰোধীৰ ভূমিকা পালন কৰক। বিজেপিৰ নেতা অনুৰাগ ঠাকুৰৰ পিছত এইদৰে ৰাহুল গান্ধীক আক্ৰমণ কৰা দেখা গ’ল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে কেমব্ৰিজৰ ভাষণত কৈছিল যে চৰকাৰে বিৰোধীৰ মবাইলত পেগাছাছ ভাইৰাছ সোমোৱাই দি গোপনীয়তাৰ অধিকাৰ ভংগ কৰাৰ চেষ্টা কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত অনুৰাগ ঠাকুৰে কৈছিল যে পেগাছাছ ভাইৰাছ ৰাহুল গান্ধীৰ মগজুৰ বাদে আন ক’তো নাই।