NORTHEAST NOW (Assamese)
অসম

ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ কোনো অন্ত নাই: ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ সপোনৰ লগত খেলা কৰিলে ছেবাই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2023 6:29 pm
HSLC paper leak

নিয়াৰিকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাত পুনৰ এবাৰ বিফল হ’ল ছেবা। আজি পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ ১৫ মিনিটৰ পিছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল গণিতৰ প্ৰশ্ন কাকত। এই বিফলতাৰ পিছত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ছেবা। ছেবাৰ এই বিফলতাৰ পিছতে এক বিজ্ঞপ্তি যোগে কঠোৰ সমালোচনা কৰিছে ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীয়ে।

বিজ্ঞপ্তি যোগে জাতীয় যুৱ বাহিনীয়ে ছেবাই ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ সপোনৰ লগত খেলা কৰিছে বুলি অভিযোগ কৰিছে। সংগঠনটোৱে লগতে ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ কোনো অন্ত নাই বুলিও কটাক্ষ কৰে। বিজ্ঞপ্তিটোত যুৱ বাহিনীয়ে কয়, “আচলতে ভুল ক’ত হ’ল? ছেবাৰ নে আৰক্ষী প্ৰশাসনৰ? কিয় সুৰক্ষা দিব নোৱাৰিলে প্ৰশ্ন কাকত? প্ৰশ্ন কাকত সুৰক্ষা দিয়াৰো সামৰ্থ নাই নেকি ৰাজ্যৰ শিক্ষা বিভাগৰ?”

জাতীয় যুৱ বাহিনীয়ে বিজ্ঞপ্তিত লগতে কয়, “আজি ২০২২-২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিন। বিষয় গণিত। প্ৰথম দিনাও সামাজিক মাধ্যমত ইংৰাজী বিষয়ৰ প্ৰশ্নকাকাত ফাদিল হোৱা বুলি বহুলভাৱে প্ৰচাৰ হৈছিল যদিও প্ৰশ্নকাকত খন পৰীক্ষা আৰম্ভ হোৱা প্ৰথম ঘণ্টা পিছত বাহিৰলৈ আহিছে বুলি কৈ ছেবাই নিজৰ দায় সাৰিলে। পৰীক্ষা অনুষ্ঠিত হোৱা প্ৰথম ঘণ্টা পিছত প্ৰশ্ন কাকত বাহিৰলৈ আহিলে ছেবা কতৃপক্ষ দায়বদ্ধ নহয় বুলি পৰীক্ষা নিয়ন্ত্ৰকে সংবাদ মাধ্যমক জনাইছিল।”

কিন্তু আজি পৰীক্ষা অনুষ্ঠিত হোৱা মাত্ৰ ১৫ মিনিটৰ পিছতেই গণিতৰ প্ৰশ্ন কাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰশ্ন কাকতৰ পৃষ্ঠা কেইখনে এতিয়া বহু প্ৰশ্নৰে উদয় কৰিছে বুলি সংগঠনটোৱে আঙুলিয়াই দিয়ে। যুৱ বাহিনীৰ মতে, এই প্ৰশ্ন কাকত পৰীক্ষাৰ আগতেই ফাদিল হৈছিল নে পৰীক্ষাৰ পিছত ফাদিল হৈছিল সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন।

“যদি পৰীক্ষাৰ আগতেই প্ৰশ্ন কাকত ফাদিল হৈছিল তেন্তে কিমানৰ হাতলৈ গৈছিল সেই প্ৰশ্ন কাকত? কিমান দামত বিক্ৰী হৈছিল এই প্ৰশ্ন? ইয়াৰ আঁৰত কোন জড়িত হৈ আছে ?ভাইৰেল হোৱা প্ৰশ্ন কাকতখনৰ পৃষ্ঠা কেইটাই সৃষ্টি কৰিছে অধিক ৰহস্য। কিয়নো প্ৰশ্ন কাকত কেইখনত নাই এটাও দাগ। কলমৰ চিঁয়াহীৰ এটা বিন্দুও নাই প্ৰশ্ন কাকাতকেইখনৰ পৃষ্ঠা কেইটাত।”— যুৱ বাহিনীয়ে লগতে কয়।

বিশেষকৈ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাৰ লগতে প্ৰতিটো মুহূৰ্ততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বাৰে বাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত হ’ব বুলি কৈ অহাৰ বাবেই অতি আগ্ৰহেৰে লাখ লাখ শিক্ষাৰ্থী পৰীক্ষাত বহিছিল বুলি উল্লেখ কৰি জাতীয় যুৱ বাহিনীয়ে মুখ্যমন্ত্ৰীৰ সেই ঘোষণা, আৰক্ষী সঞ্চালক প্ৰধানে কোৱা কথা বোৰ অৱশেষত যেন এক ভুৱা প্ৰতিশ্ৰুতিলৈ হে পৰিণত হ’ল বুলি ক্ষোভ প্ৰকাশ কৰে।

ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ সৈতে চৰকাৰে ল’ৰা-ধেমালি কৰা বুলি অভিযোগ কৰি জাতীয় যুৱ বাহিনীয়ে তীব্ৰ ভাৱে চৰকাৰক ধিক্কাৰ দিয়ে। সংগঠনটোৰ মতে, যদি সঠিক সময়ত ইয়াৰ সু-ব্যৱস্থা নলয় তেন্তে অনাগত দিনত মেধাবী শিক্ষাৰ্থী সকল অনিশ্চিত ভৱিষ্যতৰ ফালে যে গতি কৰিব সেইটো নিশ্চিত। এনে পৰিস্থিতিত এই ঘটনাৰ সঠিক তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰীক দাবী জনায় যুৱ বাহিনীয়ে।