উগ্ৰপন্থী আক্ৰমণত নিহত কাশ্মীৰী যুৱকৰ ভাতৃক চাকৰিৰ প্ৰস্তাৱ ৱাকফ বৰ্ডৰ

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হ’ল। ইয়াৰে ২৫ জন পৰ্যটক আৰু বাকী এজন স্থানীয় কাশ্মীৰী। আদিল নামৰ যুৱকজনেই আছিল পৰিয়ালটোৰ একমাত্ৰ জীৱিকা। অৱশ্যে তেওঁলোকক ৱাকফ ব’ৰ্ডে সহায় আগবঢ়াইছে।
উগ্ৰপন্থী আক্ৰমণত নিহত আদিল হুছেইন শ্বাহৰ ভাতৃ চৈয়দক চাকৰিৰ প্ৰস্তাৱ দিছে জম্মু-কাশ্মীৰ ৱাকফ ব’ৰ্ডে। অৱশ্যে তেওঁক কি চাকৰি দিয়া হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই চাকৰিৰ প্ৰস্তাৱত আদিলৰ পৰিয়ালে সন্মতি দিছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
অৱশ্যে স্থানীয় সূত্ৰৰ মতে তেওঁলোকৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে হয়তো এই চাকৰিৰ প্ৰস্তাৱ গ্ৰহণ কৰিব। আগন্তুক কেইদিনমানৰ ভিতৰতে বিষয়টো স্পষ্ট কৰি দিয়া হ’ব।
সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালে দাবী কৰিছে যে সন্ত্ৰাসবাদীয়ে নিৰ্বাচিতভাৱে হিন্দুক হত্যা কৰিছিল। গতিকে আদিলক কিয় হত্যা কৰিলে? আচলতে আদিলে উগ্ৰপন্থীক বাধা দিছিল।
কোনো কোনোৱে কয় যে তেওঁ আনকি উগ্ৰপন্থীৰ পৰা বন্দুক কাঢ়ি নিবলৈও চেষ্টা কৰে। গতিকে উগ্ৰপন্থীয়ে তেওঁক ‘কাফিৰ’ বুলি কৈ হত্যা কৰিলে।