NORTHEAST NOW (Assamese)
অসম

সৰস্বতী পূজাস্থলীত অঘটন : গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ চিকিৎসাধীন এগৰাকী ছাত্ৰী

Posted by: তন্ময় চক্ৰৱৰ্তী Updated by: তন্ময় চক্ৰৱৰ্তী February 16, 2021 6:56 pm
Jhuma Dey.jpg2

সৰস্বতী পূজাৰ উছাহৰ মাজতে এক অতি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এখন বিদ্যালয়ৰ সৰসত্বী পূজাৰ স্থলীত।

ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ বেলনীয়া বিদ্যাপীঠ নামৰ বিদ্যালয়খনত সৰসত্বী পূজাৰ সময়তে সংঘটিত হৈছে এই অতি মৰ্মান্তিক দুৰ্ঘটনাটো।

ঘটনাৰ বিৱৰণীৰ মতে বিদ্যালয়খনত সৰসত্বী পূজাৰ প্ৰসাদ বিতৰণ কৰি থকাৰ সময়তে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ঝুমা দে নামৰ ছাত্ৰীগৰাকীৰ শাৰীত পূজা মণ্ডপৰ জলন্ত ধুপৰ পৰা অগ্নিসংযোগ ঘটে।

চিল্কৰ শাৰী পৰিহিত ছাত্ৰীগৰাকীৰ সমগ্ৰ শৰীৰটোক নিমিষতে জুইয়ে আগুৰি ধৰাৰ ফলত ছাত্ৰীগৰাকী গুৰুতৰভাৱে অগ্নিদগ্ধ হয়।

অগ্নিদগ্ধ ছাত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে স্থানীয় বিলনীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে আগৰতলাৰ জিবিপি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

চিকিৎসকে প্ৰকাশ অনুসৰি ছাত্ৰীগৰাকীৰ শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ হৈছে। বৰ্তমান সংকটজনক অৱস্থাত ছাত্ৰীগৰাৰকী আগৰতলাৰ জিবিপি হাস্পতালতে চিকিৎসাধীন হৈ আছে।

অগ্নিদগ্ধ ছাত্ৰীগৰাকী বিলনীয়াৰ বেংকাৰ অঞ্চলৰ চম্ভু দে আৰু শিল্পী দেৰ কন্যা বুলি জানিব পৰা গৈছে।