NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত ৭ টকা সস্তা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2021 6:57 pm

মেঘালয় চৰকাৰে পুনৰ পেট্ৰ’লৰ দাম ৫.৪ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পেট্ৰ’লৰ লগতে ডিজেলৰ দামৰ ক্ষেত্ৰতো মেঘালয় চৰকাৰে ৫.১ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মঙলবাৰৰ পৰা ৰাজ্যখনত নতুন পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰযোজ্য হ’ব।

মেঘালয়ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদৰ পাছত মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মুখ্য মন্ত্ৰী কনৰাড চাংমাই পেট্ৰ’ল আৰু ডিজেলৰ পৰা লাভ কৰা কৰৰ সহায়েৰে ৰাজহ সংগ্ৰহ কৰা হয় যদিও এইক্ষেত্ৰত জনসাধাৰণক অধিক বোজা দিয়া নহ’ব বুলি উল্লেখ কৰে।

মূল্য হ্ৰাস কৰাৰ পাছত মেঘালয়ত পেট্ৰ’লৰ নতুন মূল্য হৈছে ৮৫.৮৬ টকা আৰু ডিজেলৰ মূল্য হৈছে ৭৯.১০ টকা।

ইয়াৰ পূৰ্বেও মেঘালয় চৰকাৰে ৰাজ্যখনত পেট্ৰ’ল আৰু ডিজেলৰ দাম ২ টকাকৈ হ্ৰাস কৰিছিল।