NORTHEAST NOW (Assamese)
Popular Stories

হালধিৰ আছে অনেক উপকাৰী গুণ, জানক ইয়াৰ যোগাত্মক গুণসমূহ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 6:30 am
হালধিৰ আছে অনেক উপকাৰী গুণ, জানক ইয়াৰ যোগাত্মক গুণসমূহ…

হালধি এবিধ প্ৰাকৃতিক বিষনাশক। শৰীৰৰ্ কোনো অংশ আঘাতপ্ৰাপ্ত হৈ বিষ হলে আৰু ফুলি উঠিলে কেঁচা হালধি বটি আঘাতপ্ৰাপ্ত অংশত বান্ধি দিলে উপশম পোৱা যায়।

হালধি এবিধ পেলুনাশক। পেটত হোৱা গেছ কমোৱাত সহায়ক। আভোক হলে হালধিৰ আৰ্থ্ৰাইটিছ, পেটৰ নানা ধৰণৰ সমস্যা, উচ্চ ৰক্তচাপ, যকৃত, গলব্লাডাৰৰ সমস্যাৰ বাবেও হালধি উপকাৰী।

ই এবিধ এণ্টি-অক্সিডেণ্ট। হালধিৰ ব্যৱহাৰে গাৰ ছাল উজ্জ্বল কৰে। প্ৰসাধন সামগ্ৰীত হালধিৰ ব্যৱহাৰ দেখা যায়।

বহু ব্যক্তি পেটৰ এক সমস্যাত ভোগা দেখা যায়। ইয়াক Irritable bowel syndrome (IBS)বোলে।IBS ৰ বাবে হালধি উপকাৰী।

হালধি কাহ, কফ, টনছিলৰ সমস্যাৰ বাবেও উপকাৰী। সুৰাপান কৰাৰ ফলত যকৃত ৰুগীয়া হলে হলাধিয়ে যকৃতৰ ৰুগীয়া কোষ সজীৱ কৰাত অৰিহণা যোগায়।

মুঠতে আঞ্জাত ব্যৱহাৰ কৰাৰ উপৰি কেঁচা হালধিৰ নিয়মিত ব্যৱহাৰে নানা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।