NORTHEAST NOW (Assamese)
Popular Stories

ছিৰিয়াৰ পতনৰ পিছতে আৰম্ভ বিশ্বজুৰি যুদ্ধ; সঁচা হ’ব বাবা ভংগাৰ সেই ভয়ংকৰ ভৱিষ্যদ্বাণী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2024 11:49 am

বুলগেৰিয়াৰ অন্ধ  ভৱিষ্যত বক্তা বাবা ভাংগাক বলকানৰ নষ্ট্ৰাডামুছ বুলি কোৱা হয়। তেওঁৰ প্ৰায় ৮৫ শতাংশ ভৱিষ্যদ্বাণী সঁচা হৈছে। যোৱা শতিকাৰ ৭০ৰ দশকৰ পৰাই বাবা ভাংগাই বিভিন্ন কথাৰ ভৱিষ্যদ্বাণী কৰাৰ বাবে বিখ্যাত হৈ পৰিছিল। ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি ৰাজকুমাৰী ডায়েনাৰ মৃত্যুলৈকে, চেৰ্নোবিল দুৰ্ঘটনা, ব্ৰেক্সিটলৈকে-বাবা ভাংগাই বহু কথাৰ ভৱিষ্যদ্বাণী কৰিছিল। সেইবোৰ আখৰে আখৰে সত্য প্ৰমাণিত হৈছে। চলিত বৰ্ষ ২০২৪ সন্দৰ্ভত তেওঁ বিভিন্ন ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ কিছুমান কথা ইতিমধ্যে সঁচা প্ৰমানিত হৈছে।

বাবা ভাংগাই নতুন বছৰৰ সন্দৰ্ভত কৈছে যে ২০২৫ চনত ইউৰোপত ভয়ংকৰ যুদ্ধ হ’ব, যাৰ ফলত বৃহৎ লোকচান হ’ব, বহু লোকে প্ৰাণ হেৰুৱাব। দুখন দেশৰ মাজত নতুন যুদ্ধৰ সূচনা হ’ব। বিজ্ঞানে এনেকুৱা কিবা এটা আৱিষ্কাৰ কৰিব যিয়ে কথা নোকোৱাকৈ, কোনো বাক্য ব্যয় নকৰাকৈ এটা মগজুৰ পৰা আন এটা মগজুলৈ যোগাযোগ কৰিব পাৰিব।

বাবা ভাংগাই কৰা আটাইতকৈ ভয়ংকৰ ভৱিষ্যদ্বাণীটো আছিল যে ২০২৫ চনত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব। সেই যুদ্ধ ছিৰিয়াৰ পৰা আৰম্ভ হ’ব। ভাংগাই কৈছিল যে যেতিয়াই ছিৰিয়াৰ পতন দেখিব তেতিয়াই তেওঁ বুজিব যে পূব আৰু পশ্চিমৰ মাজত যুদ্ধ আৰম্ভ হ’বলৈ ওলাইছে। ২০২৫ চনৰ বসন্ত কালত পূবত এখন নতুন যুদ্ধ আৰম্ভ হ’ব৷ ইয়াৰ পিছত সমগ্ৰ বিশ্বতে আৰম্ভ হ’ব তৃতীয় বিশ্বযুদ্ধ।

উল্লেখ্য যে দেওবাৰে পুৱা ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত প্ৰৱেশ কৰিছে বিদ্ৰোহীসকলে। চহৰৰ অধিকাংশ গুৰুত্বপূৰ্ণ কাৰ্যালয়, টিভি টাৱাৰ, ৰেডিঅ’ ষ্টেচন তেওঁলোকে দখল কৰিছে। ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ বিমানত উঠি পলায়ন কৰিছে। বাতৰি অনুসৰি, তেওঁ  ৰাছিয়াত আশ্ৰয় লৈছে।

২০২৫ বৰ্ষৰ বিষয়ে বাবা ভাংগাই যি কৈছে সেয়াও ভয়ংকৰ। তেওঁ কৈছে, ইউৰোপৰ বাবে যুদ্ধ মাৰাত্মক হ’ব। প্লেগৰ দৰে ৰোগ দেখা দিব। কিন্তু ৫০৭৯ বছৰলৈকে পৃথিৱীত মানুহ থাকিব। কিন্তু ২০২৫ চনতে আৰম্ভ হ’ব পৃথিৱী ধ্বংসৰ প্ৰক্ৰিয়া।