NORTHEAST NOW (Assamese)
অসম

দিল্লীত পুৱাই আতংক, ৪০ খনতকৈও অধিক বিদ্যালয়লৈ বোমা আক্ৰমণৰ ভাবুকি; বন্ধ পাঠদান

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 9, 2024 12:32 pm

পুৱা সাত বজাত বিদ্যালয় খোলাৰ লগে লগেই বিয়পি পৰে আতংক। সমগ্ৰ দিল্লীৰ ৪০খনতকৈও অধিক বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি। আহিছে বোমা আক্ৰমণেৰে বিদ্যালয়সমূহ উৰুৱাই দিয়াৰ ভাবুকি। বোমাতংকৰ ফলত সকলো ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হৈছে। আৰম্ভ হৈছে তালাচী অভিযান। চলি আছে উচ্চ পৰ্যায়ৰ তদন্ত।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱাই দিল্লীৰ মুঠ ৪৪খন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকিৰ ইমেইল প্ৰেৰণ কৰা হয়। ইমেইলত ভাবুকি দিয়াৰ হৈছে যে বোমাবোৰ সৰু সৰু। গোটেই বিদ্যালয় ভৱনজুৰি সেইবোৰ লুকাই ৰখা আছে। লগতে ৩০ হাজাৰ ডলাৰ নোপোৱালৈকে বোমা নিষ্ক্ৰিয় কৰা নহ’ব বুলিও হুংকাৰ দিয়ে অভিযুক্তসকলে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে নিশা প্ৰায় ১১:৩০ বজাত প্ৰেৰণ কৰা হৈছে এই ইমেইল। যিটো আজি পুৱা বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়। ইমেইলটোত আৰু কোৱা হৈছে যে, ‘বোমা বিস্ফোৰণে বিদ্যালয় ভৱনৰ বিশেষ ক্ষতি নকৰে। কিন্তু বহুত আহত হ’ব।’

পুৱাৰ ভাগত কেইবাখনো বিদ্যালয়ৰ পৰা অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, ডগ স্কোয়াড, বোমা স্কোয়াডে ৪৪খন বিদ্যালয়ত উপস্থিত হৈ তালাচী অভিযান চলাইছে। এতিয়ালৈকে কোনো বিদ্যালয়ৰ পৰা উদ্ধাৰ হোৱা নাই কোনো বোমা।

উল্লেখ্য যে চলিত বৰ্ষৰ মে’ মাহত দিল্লী আৰু নয়ডাৰ এশৰো অধিক বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল। আগষ্ট মাহত ৰাজধানীৰ চিকিৎসালয় আৰু শ্বপিং মলকে ধৰি ১০০টা বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল।