NORTHEAST NOW (Assamese)
Popular Stories

কি হ’ব এইবাৰ! যৌন কেলেংকাৰীৰ ঘটনাত আদালতলৈ মাতি পঠোৱা হৈছে ডোনাল্ড ট্ৰাম্পক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2023 1:10 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ধনেৰে যৌন কেলেংকাৰী ঢাকিবলৈ গোপনে ধন দিয়াৰ অভিযোগ সন্দৰ্ভত এখন আদালতে মাতি পঠিয়াইছে।

অভিযোগ কৰা হৈছে যে ট্ৰাম্পে প্ৰাক্তন পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছৰ সৈতে যৌন সম্পৰ্কৰ ঘটনা গোপন ৰাখিবলৈ ধন পৰিশোধ কৰিছিল।

ডেনিয়েলছে দাবী কৰিছিল যে ট্ৰাম্পৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক আছিল। ২০১৬ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগতে ট্ৰাম্পৰ অধিবক্তাই তেওঁক বিষয়টোত মুখ নুখুলিবলৈ ১,৩০,০০০ ডলাৰ পৰিশোধ কৰিছিল।

লগতে পঢ়ক: ৰহস্য! ১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক? অচিনাক্ত মহিলাৰ দাবীত চাঞ্চল্য

অৱশ্যে, ট্ৰাম্পে এই অভিযোগ অস্বীকাৰ কৰিছে। ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনক পিছত কেইবাটাও অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

ম্যানহাটানৰ জিলা এটৰ্নিয়ে পাঁচ বছৰ ধৰি ঘটনাটোৰ তদন্ত কৰিছে। অধিবক্তাসকলে কয় যে ট্ৰাম্পক গ্ৰেণ্ড জুৰীলৈ মাতি অনাৰ অৰ্থ হৈছে তেওঁ অভিযোগৰ সন্মুখীন হ’ব পাৰে।

সাধাৰণতে, প্ৰচিকিউটৰে এটা গোচৰত অভিযোগ প্ৰস্তুত কৰাৰ বাবে পৰ্যাপ্ত প্ৰমাণ আছে নে নাই তাক নিৰ্ধাৰণ কৰিবলৈ এক গ্ৰেণ্ড জুৰী গঠন কৰে। এইটো গোপনে কৰা হৈছিল আৰু ট্ৰাম্পৰ কেইবাজনো প্ৰাক্তন সহায়কে গোচৰটোত সাক্ষ্য দিছিল বুলি জনা গৈছে।

লগতে পঢ়ক: বেটিং কৰিব নোৱাৰিলে; আহমেদাবাদ টেষ্টৰ মাজতে আঘাতৰ বাবে হাস্পাতালত শ্ৰেয়াছ আয়াৰ!

প্ৰচিকিউটৰসকলে যদি অভিযোগ গঠন কৰাৰ সিদ্ধান্ত লয়, তেন্তে ই হ’ব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰথম অপৰাধমূলক গোচৰ।