NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত বেজালিৰ নামত মুকবধিৰ শিশুক অমানুষিক অত্যাচাৰ চলোৱা ভণ্ড কবিৰাজক আটক : জে’ললৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ May 1, 2018 8:16 am

এটি মুকবধি শিশুক চিকিত্‍সাৰ নামত অমানুষিকভাৱে অত্যাচাৰ চলাই আত্মগোপন কৰি থকা দক্ষিণ শালমাৰাৰ ভণ্ড কবিৰাজক অৱশেষত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ থানা এলেকাৰ সাতশিয়া-পকীয়া গাঁৱৰ আব্দুল আলিম শেখৰ ছবছৰীয়া মুকবধিৰ শিশুটিক চিকিত্‍সাৰ নামত গাঁওখনৰে ৱাহেদ আলী (৩৭)নামৰ এটা ভণ্ড কবিৰাজে অমানুষিক অত্যাচাৰ চলাইছিল।

ঘটনা সম্পৰ্কত ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰা ৰাজ্যতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনহাতে শিশুটিৰ পিতৃয়ে ভণ্ড কবিৰাজটোৰ বিৰুদ্ধে ফকিৰগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰিছিল৷

উক্ত এজাহাৰৰ ভিত্তিত কালি দক্ষিণ শালমাৰা আৰক্ষীৰ চক্র বিষয়া নুৰুদ্দিন আহমেদ আৰু ফকিৰগঞ্জ থানাৰ ভাৰপ্রাপ্ত বিষয়া যতীশ গঞাৰীয়ে অভিযান চলাই ভণ্ড কবিৰাজটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কালি ভণ্ড কবিৰাজ ৱাহেদ আলীক ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে কবিৰাজটোক ধুবুৰী জে’ললৈ প্রেৰণ কৰে৷