NORTHEAST NOW (Assamese)
অসম

সতীয়া কন্যাক যৌন নিৰ্যাতন চলোৱা ৰাজ্যৰ এজন লোকক ২৫ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2023 8:50 am

কামৰূপ মেট্ৰ’ জিলাৰ সোনাপুৰৰ এজন ব্যক্তিক তেওঁৰ সতীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে।

ৰাজু কিষাণ ওৰফে মাংৰা নামৰ লোকজনক ২০১৯ চনত স্থানীয় লোকে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছত সোনাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

এখন বিশেষ আদালতে ৰাজুক যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় দিছে।

লগতে পঢ়ক: ট্ৰ’লৰ সন্মুখীন দেশৰ মুখ্য ন্যায়াধীশ! ক্ষিপ্ৰ পদক্ষেপ বিচাৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিলে বিৰোধীয়ে

আদালতে ১০,০০০ টকাৰ জৰিমনাও আৰোপ কৰে আৰু ইয়াৰ উপৰিও কামৰূপৰ জিলা আইনী সেৱা প্ৰাধিকৰণে (DSLA) ৰাজুক ভুক্তভোগী নাবালিকা ছোৱালীজনীক ১ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কয়।

এই জঘণ্য ঘটনাটোক স্থানীয় লোকে গৰিহণা দিছিল।