NORTHEAST NOW (Assamese)
অসম

চীনৰ সীমান্ত আন্তঃগাঁথনি উন্নয়ন দ্ৰুত গতিত অব্যাহত আছে: জেনেৰেল মনোজ পাণ্ডে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2023 9:25 am

বাতৰি অনুসৰি, ভাৰত আৰু পিপলছ লিবাৰেচন আৰ্মীৰ মাজত উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে চীনে দ্ৰুত গতিত সীমান্ত আন্তঃগাঁথনি নিৰ্মাণ অব্যাহত ৰাখিছে।  ভাৰতৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই এই কথা সদৰী কৰিছে।

সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই কয় যে ২০২০ চনৰ এপ্ৰিল-মে’ মাহত পূব লাডাখত একাধিক আগ্ৰাসনৰ পিছত পিএলএ-ই গধুৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে প্ৰায় ৫০,০০০ সৈন্য আগুৱাই ৰাখিছে।

লগতে পঢ়ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী; কি প্ৰতিক্ৰিয়া মস্কোৰ?

পূব লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত ৩,৪৮৮ কিলোমিটাৰ দীঘল প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ তিনিওটা খণ্ডতে ভাৰতীয় সেনাৰো “উচ্চ স্তৰ”ৰ কাৰ্যকৰী প্ৰস্তুতিৰ সৈতে এক “শক্তিশালী” নিয়োজন আছে।

জেনেৰেল পাণ্ডেই আশা ব্যক্ত কৰে যে চীনৰ সৈতে কূটনৈতিক আৰু সামৰিক আলোচনাই পূব লাডাখৰ কৌশলগতভাৱে অৱস্থিত ডেপচাং প্লেইনচ আৰু ডেমচোকত বাকী থকা “বিবদমান বিষয়সমূহ” সমাধান কৰিব।

তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ প্ৰচেষ্টা আৰু অস্ত্ৰ তথা ড্ৰাগছ পেলাবলৈ ড্ৰোনৰ ব্যৱহাৰৰ লগতে পাকিস্তানত বিদ্যমান “সন্ত্ৰাসবাদী আন্তঃগাঁথনিত কোনো ডাঙৰ সলনি” নকৰাৰ বিষয়েও সতৰ্ক কৰি দিয়ে।

লগতে পঢ়ক: ট্ৰ’লৰ সন্মুখীন দেশৰ মুখ্য ন্যায়াধীশ! ক্ষিপ্ৰ পদক্ষেপ বিচাৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিলে বিৰোধীয়ে

সেইদৰে, সেনা প্ৰধানগৰাকীয়ে সতৰ্ক হৈ থকা আৰু এলএচিৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।