NORTHEAST NOW (Assamese)
অসম

শৰাইঘাট দলঙৰ তলত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ: চলন্ত ৰে’লৰ পৰা ঠেলি হত্যাৰ সন্দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2023 5:40 pm
body found under Saraighat bridge

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ। আজি শৰাইঘাট দলঙৰ তলত মহানগৰ আৰক্ষীয়ে এগৰাকী অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো প্ৰত্যক্ষ কৰি পথচাৰীসকলে স্থানীয় আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰত্যক্ষদৰ্শীয়ে ব্যক্তিগৰাকী দলঙৰ ওপৰেৰে পাৰ হোৱা চলন্ত ৰে’লৰ পৰা পৰি যোৱা বুলি সন্দেহ কৰিছে। আন একাংশই ব্যক্তিগৰাকীক কোনো লোকে ৰে’লৰ পৰা ঠেলি হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উল্লেখ কৰা মতে, মৃতকৰ পৰিচয় এইপৰ্যন্ত জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ব্যক্তিগৰাকীৰ পৰিচয় লাভৰ বাবে তথা ঘটনাৰ তথ্য-প্ৰমাণ উদ্ধাৰৰ বাবে অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, বিগত কেইটামান মাহত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এইদৰে মৃতদেহ উদ্ধাৰ হৈছে। যোৱা দেওবাৰে গুৱাহাটীৰ আই এছ বি টিৰ ওচৰৰ নদীত এটি নৱজাতক কেঁচুৱাৰ মৃতদেহ ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল।

স্থানীয় লোকসকলে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাৰ পাছত গড়চুক আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মৃতদেহটো। লক্ষণীয়ভাৱে নৱজাতকটিৰ মৃতদেহত কোনো বাহ্যিক আঘাতৰ চিহ্ন নাছিল বুলি আৰক্ষীয়ে সদৰী কৰিছিল।