NORTHEAST NOW (Assamese)
অসম

মহানগৰীত সক্ৰিয় হানী ট্ৰেপিং চক্ৰ: পুৰোহিতক ব্লেকমেইলিং কৰি আৰক্ষীৰ জালত পৰিল মহিলাসহ তিনিগৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2023 6:19 pm
honey-trapping in Guwahati

গুৱাহাটী মহানগৰীত হানী ট্ৰেপিঙৰ জাল পেলাই লুণ্ঠনত নামিছে এক চক্ৰ। মন্দিৰৰ এগৰাকী পুৰোহিতক ফান্দত পেলাই হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰা অশ্লীল ভিডিঅ’ৰে ব্লেকমেইলিং কৰাৰ অভিযোগত এগৰাকী মহিলাসহ তিনিগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মহানগৰীৰ ফটাশিল আমবাৰীৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ধৃত তিনি অভিযুক্তৰ নাম ক্ৰমে প্ৰমোদ তিৱাৰী, ৰজনী কোথাৰী আৰু ভৱজিৎ সেন বুলি সদৰী কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰজনী নামৰ মহিলাগৰাকীয়ে পুৰোহিত ভগীৰথি শাস্ত্ৰীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল। হোৱাটছএপত পুৰোহিতগৰাকীক ভিডিঅ’ কলো কৰিছিল ৰজনী নামৰ মহিলাগৰাকীয়ে।

মহিলাগৰাকীয়ে এই ভিডিঅ’ কল ৰেকৰ্ডিং কৰি পুৰোহিতগৰাকীয়ে বিপুল পৰিমাণৰ ধন নিদিলে ভিডিঅ’ আৰু ফটোসমূহ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ৰাজহুৱা কৰাৰ ভাবুকি দি ধন দাবী কৰিছিল বুলি অভিযোগ উঠিছে।

ইয়াৰ পিছতে উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপে পুৰোহিতগৰাকী আৰু গুৱাহাটীৰ ফটাশিল থানাত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে ফেন্সি বজাৰৰ পৰা প্ৰমোদ তিৱাৰী আৰু ৰজনী কোথাৰীক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয়।

আৰক্ষীয়ে ইয়াৰ পিছতে অভিযান তীব্ৰতৰ কৰি তোলে আৰু আনগৰাকী অভিযুক্ত ভৱজিৎ সেনকো গ্ৰেপ্তাৰ কৰে। ধৃত তিনিও অভিযুক্তকে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।