NORTHEAST NOW (Assamese)
Popular Stories

ত্ৰিপুৰাৰ দৃষ্টিনন্দন পখিলা উদ্যানে হাত বাউলী দি মাতিছে পৰ্যটকক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2023 8:15 pm

ত্ৰিপুৰাত বন বিভাগে গঢ়ি তোলা এখন পখিলা উদ্যান এতিয়া ৰাজ্যখনৰ পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ ভাৰতবাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ চোট্টাখোলাত অৱস্থিত এই উদ্যানখন।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া দেশ বাংলাদেশৰ পৰাও পৰ্যটকসকলে উদ্যানখনত ভিৰ কৰিছে।

বন্যপ্ৰাণী আৰু পৰিৱেশ বিশেষজ্ঞসকলৰ মতে পখিলাক ভাল পৰিৱেশ ভাৰসাম্য আৰু সুস্থ প্ৰকৃতিৰ সূচক হিচাপে গণ্য কৰা হয়। ৰাজ্যৰ পৰা আনকি বহিঃৰাজ্যৰ পৰাও অহা পৰ্যটকসকলে জাক জাক পখিলাৰ শান্তিদায়ক ৰূপ অনুভৱ কৰিবলৈ ত্ৰিপুৰাৰ পৰ্যটন আৰু বন বিভাগে এই উদ্যান খনক আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিভাগটোৱে ৰাজ্যজুৰি জৰীপ চলাই আৰু বিশখন ঠাইত এনে উদ্যান স্থাপন কৰিব পৰা যাব বুলি জানিবলৈ দিছে।

ইফালে, ত্ৰিপুৰা বন বিভাগে শেহতীয়াকৈ “কমন বাৰ্ডউইং”ক ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ আহিলা হিচাপে এই পখিলাবিধক প্ৰচাৰ কৰাৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিছে।