NORTHEAST NOW (Assamese)
দেশ

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2023 4:37 pm
Sisodia

সুৰা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ এপ্ৰিললৈ বৃদ্ধি কৰিছে দিল্লীৰ এক আদালতে। ফলশ্ৰুতিত ৩ এপ্ৰিললৈকে তিহাৰ কাৰাগাৰতে কাৰাবন্দী হৈ থাকিব লাগিব আপ নেতাগৰাকী।

আদালতে লগতে চিছ’দিয়াক পৰৱৰ্তী শুনানিৰ বাবে ভাৰ্চুৱেলি হাজিৰ হ’ব বিচাৰিলে অনুৰোধ দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে। দুই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তৰ সন্মুখীন হোৱা চিছ’দিয়াই আজি ভাৰ্চুৱেলি শুনানিত হাজিৰ হয়।

তদন্ত বাকী থকা বুলি উল্লেখ কৰি চিবিআইয়ে তেওঁৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতে আদালতে চিছ’দিয়াৰ জিম্মাৰ সময়সীমা ১৪ দিন বৃদ্ধি কৰে।

ইফালে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটেও শুকুৰবাৰে চিছ’দিয়াৰ জিম্মাৰ ম্যাদ সাত দিনৰ বাবে বৃদ্ধিৰ আবেদন জনাইছিল আদালতত। আপ নেতাগৰাকীয়ে দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ তদন্তত বাধাৰ সৃষ্টি কৰিবলৈ ডিজিটেল প্ৰমাণ ধ্বংস কৰা বুলি তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছিল।

উল্লেখ্য যে, দিল্লীৰ নতুন আবকাৰী নীতি প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত চিবিআই- এ গ্ৰেপ্তাৰ কৰিছিল চিছ’দিয়াক। ইয়াৰ পিছতে ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত বন্দী অৱস্থাতে ৯ মাৰ্চত তেওঁক পুনৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল।