NORTHEAST NOW (Assamese)
দেশ

কেন্দ্ৰই পৰিশোধ কৰা নাই ধন: দুদিনীয়া ধৰ্ণাত বহাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2023 4:54 pm
Mamata Banerjee

প্ৰাপ্য ধন আদায় নকৰাৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কলকাতাস্থিত আম্বেদকাৰ প্ৰতিমূৰ্তিৰ ওচৰত ২৯ মাৰ্চৰ পৰা কেন্দ্ৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিব মমতা বেনাৰ্জীয়ে।

মুখ্যমন্ত্ৰী বেনাৰ্জীৰ দাবী মতে, ১০০ দিন ধৰি কেন্দ্ৰই কেৱল পশ্চিম বংগকহে কোনো ধৰণৰ ধন দিয়া হোৱা নাই। প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ পিছতো এই প্ৰাপ্য ধন অহা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মমতা বেনাৰ্জীয়ে কয়, “মই প্ৰায় ছমাহ পূৰ্বে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন শিতানৰ অধীনত ১.১৫ লাখ কোটি টকাৰ ধন প্ৰদানৰ বাবে অনুৰোধ জনাইছিলো।”

“বৈঠকৰ বাবে কলকাতালৈ অহাৰ সময়ত অমিত শ্বাহৰ সৈতেও মই এই সন্দৰ্ভত আলোচনা কৰিছো আৰু কেন্দ্ৰীয় চৰকাৰলৈ কেইবাখনো চিঠি লিখিছো।”- তেওঁ লগতে কয়।

মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে লগতে কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃতভাৱে এই ধন বন্ধ কৰি দিছে বুলিও অভিযোগ কৰিছে। ইফালে কেন্দ্ৰৰ নিৰ্দেশত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু চিবিআইৰ বিষয়াসকলে স্থানীয় বিজেপি নেতাৰ দৰে কাম কৰি আছে বুলিও গুৰুতৰ অভিযোগ তোলে বেনাৰ্জীয়ে।