NORTHEAST NOW (Assamese)
Popular Stories

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2023 12:39 pm

২০২৩ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি ক্ৰিকেট বিশ্বকাপৰ বাবে ষ্টেডিয়ামৰ তালিকাত নাম উঠিছে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ।

EspnCricinfo ৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে যে অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনত ৪৬ দিনত ৪৮খন খেল অনুষ্ঠিত হ’ব আৰু সমগ্ৰ ভাৰতৰ ১২খন চহৰত অনুষ্ঠিত হ’ব। এই চহৰসমূহৰ ভিতৰত আছে আহমেদাবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট, আৰু মুম্বাই।

১৯৮৭ চনত কলিকতাৰ ইডেন গাৰ্ডেন আৰু ২০১১ চনত মুম্বাইৰ ৱানকেডে ষ্টেডিয়ামৰ পিছত ২০২৩ চনত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ বিশ্বকাপৰ ফাইনেল। উল্লেখ্য যে একেলগে ১ লাখ ৩০ হাজাৰ দৰ্শকে খেল উপভোগ কৰিব সুবিধা আছে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত।

২০১৭ চনত নিৰ্মাণ কৰা বৰ্ষাপাৰা ষ্টেডিয়ামত ২৫ হাজাৰ দৰ্শক বহাৰ ক্ষমতা আছে। এইখন হৈছে অসম ক্ৰিকেট দল আৰু উত্তৰপূব সীমান্ত ৰেলৱে ক্ৰিকেট দলৰ ঘৰুৱা খেলপথাৰ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেচ অনুষ্ঠিত কৰিবৰ বাবেও বৰ্ষাপাৰা ষ্টেডিয়াম ব্যৱহাৰ কৰা হয়।