NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ কোভিড-১৯ প’জিটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 26, 2020 11:28 am
Tarun Gogoi

ক’ৰ’নাত আক্ৰান্ত হৈছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

টুইটাৰযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে নিজে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি প্ৰকাশ কৰে।

‘‘কালি মই কোভিড-১৯ প’জিটিভ হিচাপে চিহ্নিত হৈছো। বিগত সময়ছোৱাত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে ক’ৰ’না পৰীক্ষা কৰা উচিত,’’ তৰুণ গগৈয়ে এইদৰে টুইট কৰে।

বিগত সময়ছোৱাত তৰুণ গগৈয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল আৰু সেই সময়তে তেওঁ কোনোবা ক’ৰ’না সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা বুলি সন্দেহ কৰা হৈছে।

তৰুণ গগৈ চাৰিদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল যাৰবাবে তেওঁ এইকেইদিন কোনো সভা সমিতিত অংশগ্ৰহণ কৰিব পৰা নাছিল।

কিছুদিন পূৰ্বে গগৈয়ে অজন্তা নেওগৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিছিল। অজন্তা নেওগৰ কোভিড ফলাফল প’জিটিভ অহাত তৰুণ গগৈয়ে সন্দেহবশত কোভিড টেষ্ট কৰোৱাত নিশা ফলাফল প’জিটিভ আহে।

তৰুণ গগৈ কোভিড প’জিটিভ হলেও তেওঁৰ পত্নী ডলি গগৈৰ ফলাফল নিগেটিভ আহে।

তৰুণ গগৈৰ শৰীৰত বৰ্তমান সময়ত জ্বৰ নাই আৰু নিজ গৃহতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ আইছ’লেশ্যনত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

অজন্তা নেওগক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

তাছাকো যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।