NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ নাহৰজান চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী; স্মাৰক পত্ৰ প্ৰদান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 26, 2020 11:19 am

বোকাখাত মহকুমাৰ এখন সমস্যা বহুল চাহ বাগিছা হ’ল নাহৰজান চাহ বাগিছা৷ আজিও শিক্ষা, স্বাস্থ্য, বাসস্থান আৰু বিশুদ্ধ খোৱাপানীৰ সমস্যাৰে ভাৰাক্ৰান্ত এই বাগিচাখনৰ শ্ৰমিক সকল৷

এইবোৰ সমস্যাৰ পটভূমিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত উপ শাখা আৰু নাহৰজান চাহ বাগিচাৰ প্ৰাথমিক গোটৰ উদ্যোগত আজি পুৱা নাহৰজান চাহ বাগিচাত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়৷

বাগিচাৰ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি, শ্ৰমিকক মাটিৰ পট্টা প্ৰদান, জনজাতিকৰণ কৰা আৰু চাহ বাগিচাৰ বিভিন্ন সমস্যাৰ শীঘ্ৰে সমাধান কৰাৰ দাবীত আজি পুৱা ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাই৷

ধৰ্ণাৰ শেষত ১৭ দফীয়া দাবী চনদেৰে এক স্মাৰক-পত্ৰ বাগিচাৰ পৰিচালক হৰিৎ চন্দ্ৰ তিৱাৰীৰ হাতত অৰ্পণ কৰে৷

ধৰ্ণা কাৰ্যসূচীত ছাত্ৰ সংগঠন আটচাৰ বোকাখাত শাখাৰ কাৰ্যকৰী সভাপতি টংকেশ্বৰ বৰাইক, কাৰ্যকৰী সদস্য বিকাশ নায়ক, নাহৰজান প্ৰাথমিক গোটৰ সভাপতি ৰবুল ক’ল, সম্পাদক অবিনাশ নাগৰ উপৰি নাহৰজান, টিপুজান আৰু বালিজান গোটৰ সদস্য সকলৰ লগতে  বাগিচাৰ শ্ৰমিক সকলেও অংশ গ্ৰহণ কৰে৷