NORTHEAST NOW (Assamese)
দেশ

চাৰি সন্তানৰ সৈতে কুঁৱাত জাপ দিলে মাতৃয়ে: মৃত্যু চাৰিওটি শিশুৰ, জীৱিত অৱস্থাত উদ্ধাৰ মাতৃক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 6, 2022 7:32 pm
Rajasthan

পাৰিবাৰিক বিবাদৰ ভয়াৱহ পৰিণতিত চাৰি সন্তানৰ সৈতে কুঁৱাত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী মহিলাই। ৰাজস্থানৰ আজমেৰ জিলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

মহিলাগৰাকীৰ এই নিৰ্দয় কৰ্মৰ ফলত মৃত্যু ঘটিছে চাৰিওটি শিশুৰে। চাৰি শিশুৰ ভিতৰত আটাইতকৈ কনিষ্ঠ শিশুটিৰ বয়স আছিল মাত্ৰ এমাহ।

আনহাতে শিশু কেইটিৰ মৃত্যু ঘটিলেও যদিও মহিলাগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। মংগলিয়াৱাছ আৰক্ষীয়ে ৩২ বৰ্ষীয় মহিলাগৰাকীক মাটিয়া বুলি চিনাক্ত কৰিছে।

মংগলিয়াৱাছ আৰক্ষী চকীৰ ষ্টেচন হাউচ অফিচাৰ সুনেজ টাডাই নিহত শিশুকেইটিক কোমল (৪), ৰিংকু (৩), ৰাজবীৰ (২২ মাহ) আৰু দেৱৰাজ (এমাহ) বুলি চিনাক্ত কৰিছে।

শুকুৰবাৰে আবেলিলৈ হোৱা এই ঘটনাত নিশালৈ তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হৈছিল। আনহাতে আজি পুৱা আটাইতকৈ কনিষ্ঠ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ষ্টেচন হাউচ অফিচাৰ সুনেজ টাডাই জানিবলৈ দিয়া মতে শিশু কেইটিৰ মৃতদেহ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে শৱগৃহত ৰখা হৈছিল।

তেওঁ লগতে জানিবলৈ দিয়া মতে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো গোচৰ ৰুজু কৰা হোৱা নাই যদিও আৰক্ষীয়ে নিজাকৈ তদন্ত আৰম্ভ কৰিছে।