NORTHEAST NOW (Assamese)
দেশ

অপৰাধমূলক কাৰ্য হিচাপে বিবেচিত হ’বনে বৈবাহিক ধৰ্ষণ: ৯ মে’ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2023 8:05 pm
Supreme Court on Criminalisation Of Marital Rape

বৈবাহিক ধৰ্ষণৰ দৰে এক গুৰুতৰ বিষয়ক এক অপৰাধমূলক কাৰ্য হিচাপে বিবেচনা কৰিব পাৰি নে নোৱাৰি, এই সন্দৰ্ভত অহা ৯ মে’ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ত বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি শীৰ্ষ ন্যায়ালয়ে এই সন্দৰ্ভত বিতং শুনানিৰ বাবে ৯ মে’ৰ সময় নিৰ্ধাৰণ কৰিছে।

জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন কৰিছিল। আনহাতে কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই সন্দৰ্ভত কেন্দ্ৰৰ উত্তৰ সাজু আৰু বিষয়টোৰ পৰীক্ষা কৰিব লাগিব বুলি আদালতত উল্লেখ কৰে।

ইয়াৰ পিছতে শীৰ্ষ আদালতৰ বিচাৰপীঠে বিষয়টো ৯ মে’ত শুনানিৰ বাবে তালিকাভুক্ত কৰে। উল্লেখ্য যে, বিগত ১৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক অপৰাধমূলক কাৰ্য হিচাপে গণ্য কৰিবলৈ আহ্বান জনাই দাখিল কৰা কিছু আবেদনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছিল।

লক্ষণীয়ভাৱে যোৱা বৰ্ষৰ মে’ মাহত দিল্লী উচ্চ ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক অপৰাধমূলক কাৰ্য হিচাপে বুলি গণ্য কৰিবলৈ আহ্বান জনোৱা এনে আবেদনৰ শুনানি গ্ৰহণ কৰি পৃথক পৃথক মতামত প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন।