NORTHEAST NOW (Assamese)
ক্ৰীড়া

চেন্নাইৰ চিদাম্বৰমত শৃংখলা দখলৰ যুঁজ: ভাৰতৰ সমুখত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2023 6:24 pm
India vs Australia

চলিত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক মেচত আজি ঘৰুৱা দল ভাৰতৰ সমুখত ২৭০ ৰানৰ এক প্ৰত্যাহ্বানজনক লক্ষ্য থিয় কৰাইছে ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াই। শৃংখলাৰ প্ৰথমখন মেচত ভাৰতৰ জয়ৰ পিছত দ্বিতীয়খন মেচত ঘৰুৱা দলটোক ধৰাশায়ী কৰি সমতা স্থাপন কৰিছিল অষ্ট্ৰেলিয়ান দলে।

আজি শৃংখলা দখলৰ লক্ষ্যৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত শৃংখলাৰ অন্তিম এদিনীয়াত নামিছে দুয়োটা দল। টছত জয়ী হৈ অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত এক শক্তিশালী আৰম্ভণি প্ৰদান কৰে দলৰ দুই অপেনাৰ ট্ৰেভিছ হেড আৰু মিচেল মাৰ্শ্বে। দুয়ো আক্ৰমণাত্মক শৈলীৰে দলৰ ইনিংছ ৬৮ ৰানলৈ আগবঢ়াই নিওঁতেই ব্যক্তিগত ৩৩ ৰানৰ স্ক’ৰত হেডক পেভিলিয়নৰ পথ দেখায় পাণ্ডিয়াই।

অৱশ্যে ইয়াৰ পিছত ক্ৰীজলৈ অহা অধিনায়ক স্মিথ ৰান সংগ্ৰহত ব্যৰ্থ হয়। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পাণ্ডিয়াৰ চিকাৰ হয় স্মিথ। দলীয় স্ক’ৰ ৮৫ ৰানত অপেনাৰ মাৰ্শ্বকো পেভিলিয়নলৈ উভতাই পঠায় পাণ্ডিয়াই। পাণ্ডিয়াৰ এই চমকপ্ৰদ প্ৰদৰ্শনৰ মাজতে ডেভিদ ৱাৰ্ণাৰ আৰু মাৰ্নুচ লাবুশ্বেনে দলীয় স্ক’ৰ ১২৫ ৰানলৈ আগবঢ়াই নিয়ে।

অৱশ্যে দুয়োগৰাকী বেটাৰকে অগা-পিছাকৈ নিজৰ স্পীন যাদুৰে বশ কৰে কুলদীপ যাদৱে। ৱাৰ্ণাৰে ২৩ আৰু লাবুশ্বেনে ২৮ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ইয়াৰ পাছতে ভাৰতীয় বলিং আক্ৰমণক প্ৰতিহত কৰি অষ্ট্ৰেলিয়াৰ ইনিংছ মজবুত কৰি তোলে দুই মিডল অৰ্ডাৰ বেটাৰ এলেক্স কেৰী আৰু মাৰ্কুচ ষ্টইনিছে। দুয়ো ষষ্ঠ উইকেটত ৫৮ ৰান যোগ দি দলীয় স্ক’ৰ ২০০ ৰ প্ৰায় কাষ চপাই নিয়ে।

কিন্তু বাওঁহতীয়া স্পিনাৰ অক্ষৰ পেটেলে ষ্টইনিছ (২৫) ৰ উইকেট দখল কৰি এই যুটি ভংগ কৰে। ষ্টইনিছৰ উইকেট পতনৰ পাছতে কেৰী (৩৮)কো বিদায় দিয়ে যাদৱে। অৱশ্যে টেইল এণ্ডাৰ ক্ৰমৰ বেটাৰসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত অষ্ট্ৰেলিয়াই ২৬৯ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।

চিন এব’টে ২৬ আৰু এষ্টন এগাৰে ১৭ ৰানকৈ সংগ্ৰহ কৰে। পেচাৰ মিচেল ষ্টাৰ্কে ১০ ৰান সংগ্ৰহ কৰি অন্তিমটো উইকেটৰ ৰূপত পেভিলিয়নলৈ উভতাৰ বিপৰীতে ১০ ৰানত অপৰাজিত হৈ ৰয় আডাম জাম্পা। ভাৰতৰ হৈ পাণ্ডিয়া আৰু যাদৱে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেল আৰু মহম্মদ চিৰাজে দুটাকৈ উইকেট লাভ কৰে।

ইফালে ২৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে এইপৰ্যন্ত ৪ অভাৰত ১৮ ৰান সংগ্ৰহ কৰিছে। দুই অপেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গিলে ক্ৰমে ৩ আৰু ১৩ ৰানকৈ সংগ্ৰহ কৰি ক্ৰীজত আছে। লক্ষণীয়ভাৱে পূৰ্বৰ দুয়োখন মেচতে অষ্ট্ৰেলিয়ান পেচ আক্ৰমণ, বিশেষকৈ মিচেল ষ্টাৰ্কৰ বলিঙৰ চোকত অসহায় হৈ পৰিছিল ভাৰতীয় বেটিং লাইন আপ। গতিকে ২৭০ ৰানৰ লক্ষ্য অনুসৰণৰ ক্ষেত্ৰত ভাৰতৰ যুঁজ স্বাভাৱিকতেই লক্ষ্যণীয় হ’ব।