NORTHEAST NOW (Assamese)
অসম

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল : ৰাকেশ পালে পালে জামিন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 24, 2023 8:15 pm

মুকলি আকাশৰ তললৈ আহিব কুখ্যাত বিষয়া ৰাকেশ পাল। শুক্ৰবাৰে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ প্ৰধান অভিযুক্ত ৰাকেশ পালৰ জামিন আবেদন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

কৃষি উন্নয়ন বিষয়াৰ পৰা উৎকোচ লোৱাৰ অভিযোগ সন্দৰ্ভত ভঙাগড় থানাত দাখিল কৰা গোচৰত শুকুৰবাৰে উচ্চ ন্যায়ালয়ে ৰাকেশ পলৰ জামিন আবেদন মঞ্জুৰ কৰে।

উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত চাকৰিৰ বিনিময়ত নগদ ধন উৎকোচ লোৱা কেলেংকাৰীত বিশেষ ন্যায়াধীশৰ আদালতে সপ্তমবাৰৰ বাবে পালৰ জামিন আবেদন নাকচ কৰিছিল।

ইফালে, পালৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা আন তিনিটা গোচৰতো পালে জামিন লাভ কৰাটো চৰ্চালৈ আহিছে।

২০১৬ চনৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱা এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পলে ৬ বছৰতকৈও অধিক কাৰাগাৰত কটাবলগীয়া হৈছিল। এতিয়া এই কুখ্যাত বিষয়াজনৰ জামিনৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যবাসীৰ মাজত।