NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

সিদ্ধু মুছেৱালাৰ দৰেই হ’ব গতি! পুনৰ হত্যাৰ ভাবুকিভৰা মেইল বলীউডৰ ভাইজানলৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2023 10:30 pm
Salman Khan

বলীউডৰ ভাইজান খ্যাত চুপাৰষ্টাৰ অভিনেতা ছলমান খানে পুনৰ লাভ কৰিছে মৃত্যুৰ ভাবুকি। পুনৰ এক ইমেইল যোগে অভিনেতাগৰাকী হত্যাৰ ভাবুকি দিয়া হৈছে। বিগত বৰ্ষত হত্যাৰ বলি হোৱা জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰে দৰেই জীৱন শেষ কৰি দিয়াৰ ভাবুকি দিয়া হৈছে অভিনেতাগৰাকীক।

“আপুনিও সিদ্ধু মুছেৱালাৰ দৰেই শেষ হ’ব” বুলি উল্লেখ থকা এটা মেইল ২–৩ দিন পূৰ্বে প্ৰেৰণ কৰা হৈছিল অভিনেতাগৰাকীৰ কাৰ্যালয়লৈ। ইয়াৰ পাছতে প্ৰশান্ত গুঞ্জলকাৰ নামৰ এগৰাকী ব্যক্তিয়ে বান্দ্ৰা থানাত অভিযোগ দাখিল কৰে।

গুঞ্জলকাৰৰ ভষ্য মতে, গেলাক্সি এপাৰ্টমেণ্টস্থিত ছলমান খানৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে তেওঁ ৰোহিত গাৰ্গ নামৰ এটা মেইল আইডিৰ পৰা এক মেইল অহা লক্ষ্য কৰে। হিন্দী ভাষাত লিখা এই ই-মেইলটোত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ বিষয়ে উল্লেখ থকা বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ পিছতে ৰাজস্থান আৰক্ষীৰ সৈতে যৌথ অভিযানত মুম্বাই আৰক্ষীয়ে ৰাজস্থানৰ যোধপুৰৰ পৰা ঢাকাদ ৰাম বিষ্ণৈ নামৰ এগৰাকী ২১ বছৰীয়া যুৱকক আজি গ্ৰেপ্তাৰ কৰে।

যোধপুৰৰ লুনি আৰক্ষী থানাৰ অন্তৰ্গত ৰোহিচা কলন নামৰ এখন গাঁৱৰ বাসিন্দা বিষ্ণৈ অস্ত্ৰ আইনৰ অধীনত এটা গোচৰত জামিনত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৮ মাৰ্চতো ছলমান খানলৈ প্ৰেৰণ কৰা ভাবুকি ই-মেইলৰ সৈতে জড়িত থকাৰ থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।