NORTHEAST NOW (Assamese)
অসম

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2023 10:16 pm

তিনিচুকীয়াৰ পৰা নিৰুদ্দেশ হোৱা এজন যুৱকে আলফাত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সন্ধানহীন যুৱকজনৰ পৰিয়ালৰ লোকে।

বিকাশ গগৈ নামৰ যুৱকজন যোৱা ৫ দিন ধৰি সন্ধানহীন হৈ আছে। জানিব পৰা মতে বিকাশৰ ঘৰ বৰডুমছা অঞ্চলত।

বিকাশৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত বৰডুমছা আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছে।

জানিব পৰা মতে, ২০২১ চনত গগৈৰ পিতৃক হত্যা কৰা হৈছিল, তাৰ পিছত তেওঁ হতাশাত ভুগিছিল। স্থানীয় ৰাইজে সন্দেহ কৰিছে যে তেওঁৰ মানসিক অৱস্থা দুৰ্বল আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ অভাৱৰ বাবেই হয়তো তেওঁ আলফা(স্বাধীন)ত যোগদান কৰিছে।

ইয়াৰ পূৰ্বে শনিবাৰে ডিব্ৰুগড় চহৰত সম্ভাৱ্য চাকৰিৰ সাক্ষাৎকাৰ সন্দৰ্ভত কাৰোবাৰ সৈতে সাক্ষাৎ কৰিবলৈ নিজৰ ঘৰৰ পৰা ওলাই আহি নিৰুদ্দেশ হৈছিল এজন যুৱক।

যোৱা ২২ মাৰ্চৰ পৰা যুৱকজন নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। জিন্টু চেতিয়া নামৰ যুৱকজন ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিমৌৰ উষাপুৰ গাঁৱৰ বাসিন্দা।

জানিব পৰা মতে, তেওঁ হোৱাটছএপত “I will miss everyone” বুলি ষ্টেটাছ আপলোড কৰাৰ পিছতে তেওঁৰ মোবাইল ফোনটো চুইচ অফ হৈ থকা অৱস্থাত উদ্ধাৰ হয়।

ইফালে যুৱকজনৰ পিতৃমাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে যে তেওঁ নিষিদ্ধ সংগঠন আলফাত যোগদান কৰিছিল। ঘটনা সন্দৰ্ভত জিন্টুৰ অভিভাৱকেও নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছে।