NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত উপস্থিত হৈয়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ কেজৰিৱালৰ: অসমৰ সংস্কৃতি শিকিবলৈ পৰামৰ্শ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2023 3:25 pm
Kejriwal

পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি আজি গুৱাহাটীত উপস্থিত হৈছে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মান।

বিমানেৰে গুৱাহাটীত অৱতৰণ কৰিয়েই সাংবাদিকৰ সৈতে বাৰ্তালাপত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে।

কেজৰিৱালৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালক দিয়া সকীয়নিৰ প্ৰত্যুত্তৰ দি আপ মুৰব্বীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক অসমৰ সংস্কৃতি শিকিবলৈ পৰামৰ্শ দিয়ে।

অসমবাসীক অতিথিপৰায়ণ বুলি অভিহিত কৰি কেজৰিৱালে কয় যে, হিমন্ত বিশ্ব শৰ্মাই তেওঁক আৰক্ষীৰ দ্বাৰা কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ভাবুকি দিছে।

কিন্তু অসমৰ ৰাইজ অতিথিপৰায়ণ আৰু এইদৰে ধমকি দিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কৃতি শিকিব লাগে বুলি কেজৰিৱালে কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক।

তেওঁ লগতে হিমন্ বিশ্ব শৰ্মাক নিজ গৃহলৈ আমন্ত্ৰণো জনায়। ইফালে সুযোগ পালে অসমতো কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাক দিল্লী-পঞ্জাৱৰ আপ চৰকাৰে কৰা কাম দেখুৱাব বুলিও মন্তব্য কৰে।

বিমানবন্দৰৰ পৰা ইতিমধ্যে দুয়োগৰাকী আপ নেতা সোণাৰাম খেলপথাৰত উপস্থিত হৈছে। দুয়োগৰাকী নেতাৰ ভ্ৰমণৰ প্ৰতি সঁহাৰি দি ইতিমধ্যে লোকে লোকাৰণ্য হৈ সোণাৰাম খেলপথাৰ।