NORTHEAST NOW (Assamese)
অসম

প্ৰমোদ বড়োৰ নেতৃত্বাধীন য়ু পি পি এলত যোগদান বি আৰ ফেৰেংগাসহ ৪০০ সদস্যৰ

Posted by: ৰিণয় বসুমতাৰী Updated by: ৰিণয় বসুমতাৰী March 11, 2020 6:47 am
1 IMG-20200310-WA0009

এন ডি এফ বি(চাওৰাইগৌৰা) গোটৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই ৪০০ গৰাকী সদস্যৰ সৈতে আনুষ্ঠানিকভাৱে যোগদান কৰে য়ু পি পি এলত।

কোকৰঝাৰৰ জিলাৰ দতমা হাই স্কুলৰ খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত য়ু পি পি এলৰ সভাপতি তথা এবছুৰ সদ্যপ্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে পৰম্পৰাগত নীতিৰে আৰনাই পিন্ধাই ফেৰেংগাক আদৰিণ জনায়।

বি আৰ ফেৰংগা ওৰফে ৰঞ্জিত বসুমতাৰী এন ডি এফ বি(এছ) গোটৰ সাধাৰণ সম্পাদক হোৱাৰ লগতে বেংগাতল মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ ফেকাল্টি মেম্বাৰ আছিল।

য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনৰ নেতা আৰু সদস্যই য়ু পি পি এলত যোগদান কৰিছে।

বড়োলেণ্ডৰ যোৱা ১৫ বছৰীয়া অপশাসনক উৎখাত কৰাৰ স্বাৰ্থত বড়োভূমিৰ জনতাই পৰিৱৰ্তন বিচাৰিয়ে য়ু পি পি এলত যোগদান কৰিছে বুলি কয় সভাপতি প্ৰমোদ বড়োৱে।