NORTHEAST NOW (Assamese)
অসম

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া ঘোঁৰাত কিয় ‘নজৰ’ দিছে একাংশ প্ৰাক্তন সৈনিকে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2020 10:56 pm
Why ex-Army personnel ‘target’ feral horses of Dibru-Saikhowa National Park?

আচৰিত কথা— উজনি অসমত দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ বাহিনীয়ে এৰি যোৱা ৰণুৱা ঘোঁৰাক একাংশ প্ৰাক্তন ভাৰতীয় সৈনিকে কিয় নজৰ দিছে।

উজনি অসমৰ ডিব্ৰু ছৌখোৱা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা পৰ্য্যটকে বন্যভূমিত চেঁকুৰি ফুৰা বিতোপন বনৰীয়া ঘোঁৰা চাই সদায়ে আনন্দিত হয়।

এই বনৰীয়া ঘোঁৰাবোৰ পূবৰ ৰণথলীত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মিত্ৰ বাহিনীয়ে এৰি যোৱা ৰণুৱা ঘোঁৰাৰ বংশধৰ।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এই বনৰীয়া ঘোঁৰাবোৰৰ সঠিক পিয়ল হোৱা নাই, কিন্তু বন্যপ্ৰাণী কৰ্মীসকলৰ মতে বনত এনে ঘোঁৰা কেইশমানহে আছে।

এই বনৰীয়া ঘোঁৰাবোৰ বিদেশী ৰক্তৰ, আৰু ইহঁতৰ বৰ্ণসংকৰ কেতিয়াও হোৱা নাই।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া ঘোঁৰাৰ বসতি বিশেষ ধৰণৰ।

বনৰীয়া ঘোঁৰা থকা ঠাই পৃথিৱীত নায়েই—কেৱল স্পেইন, পৰ্তুগাল আৰু অষ্ট্ৰালিয়াত বনৰীয়া ঘোঁৰা আছে।

ডিব্ৰু-ছৈখোৱাৰ বনৰীয়া ঘোঁৰাৰ সম্ভ্ৰান্ত ৰক্তৰ বিবেচনা কৰি একাংশ প্ৰাক্তন ভাৰতীয় সৈনিকে অধিক দামত বিকিবলৈ এই জন্তুবিধ ধৰা আৰু চোৰাং সৰবৰাহ কৰা আৰম্ভ কৰিলে।

ডিব্ৰু-ছৈখোৱাৰ বনৰীয়া ঘোঁৰাৰ চোৰাং সৰবৰাহ আৰু অবৈধ বেহা শেহতীয়াকৈ পোহৰলৈ আহিছে।

ট্ৰাক এখনত নি থাকোতে উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুমত অসমৰ বন বিভাগে যোৱা ২ মাৰ্চত ছটা বনৰীয়া ঘোঁৰা উদ্ধাৰ কৰিছে।

AS01 JC 0457- নং ট্ৰাকখনত On Army Duty বুলি প্লাকাৰ্ড লগাই এই বনৰীয়া ঘোঁৰাকেইটা নি থকা হৈছিল।

দুজন প্ৰাক্তন সেনা ষ্টাফ—খগেন বৈশ্য আৰু অৰুণ পাল সিঙকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বৈশ্য আৰু সিং দুয়ো স্বীকাৰ কৰিছে যে বনৰীয়া ঘোঁৰাকেইটা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা “কিনা” হৈছে।

দুয়োগৰাকী প্ৰাক্তন সৈনিকে প্ৰথমে দাবী কৰিছিল যে তেওঁলোকে ঘোঁৰাকেইটা গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত গৱেষণাৰ বাবে আনিছে।

কিন্তু, তেওঁলোকে একো নথি-পত্ৰ দেখুৱাব নোৱাৰিলে, আৰু প্ৰতিবেদনটো পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিষয়ায়ো অস্বীকাৰ কৰিলে।

বৈশ্য আৰু সিং দুয়ো স্বীকাৰ কৰিছে যে তেওঁলোকে বনৰীয়া ঘোঁৰাকেইটা লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) আশুতোষ ত্ৰিপাঠীৰ নিৰ্দেশত গুৱাহাটীলৈ সৰবৰাহ কৰিছিল।

বাতৰি মতে, লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) ত্ৰিপাঠীয়ে ভাৰতীয় সেনাৰ ই এম ই শাখাত কাম কৰিছিল, আৰু তেওঁ গুৱাহাটীৰ হৰ্ছ ৰাইডিং আৰু প’ল’ ক্লাবৰ এগৰাকী পৃষ্ঠপোষক।

তিনিচুকীয়া বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰাজেন্দ্ৰ সিং ভাৰতীয়েও কৈছে যে ঘোঁৰাকেইটা গুৱাহাটী ৰাইডিং আৰু প’ল’ ক্লাবৰ বাবে অনা হৈছে।

বৈশ্য আৰু সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী বিষয়া এতিয়া সোধ-পোচৰ বাবে লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) ত্ৰিপাঠীৰ সন্ধানত আছে।

তদন্তকাৰী সংস্থাই জানিব পাৰিছে যে লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) ত্ৰিপাঠীৰ হছপিটেলিটি ব্যৱসায় আছে, আৰু পশ্চিম ভাৰতত তেওঁৰ ৰিজ’ৰ্ট আছে।

গুৱাহাটী ৰাইডিং এণ্ড প’ল’ ক্লাবটো যোৱা বছৰৰ ৩০ জুনত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল।

ক্লাবটো সৰুসজাই ষ্টেডিয়ামৰ সমীপত অৱস্থিত। ক্লাবটোৱে ৰাষ্ট্ৰীয় জুনিয়ৰ অশ্বাৰোহণ টুৰ্নামেণ্ট আয়োজনৰ বাবেও যো-জা চলাই আছে।

লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) আশুতোষ ত্ৰিপাঠীক মন্তব্য লোৱাৰ বাবে পোৱা হোৱা নাই।

গুৱাহাটী ৰাইডিং আৰু প’ল’ ক্লাবৰ বিভাগীয় নম্বৰটোও সেৱাৰ বাহিৰত পোৱা গৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, বৈশ্য আৰু সিঙে বোলে কৈছে যে বনৰীয়া ঘোঁৰাৰ “ক্ৰেতাসকল”এ গুৱাহাটীত এটা ঘোঁৰা প্ৰজনন কেন্দ্ৰ স্থাপন কৰিব খোজে।