NORTHEAST NOW (Assamese)
Popular Stories

বন্ধ কৰি দিয়া হ’ল মহিলাৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ ষ্টেশ্যন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2023 7:37 pm

তালিবানৰ হাতলৈ আফগানিস্তানৰ শাসনভাৰ অহাৰ পিছতেই যেন নৰকলৈ ৰূপান্তৰিত হৈছে তালিবানৰ মহিলাসকলৰ জীৱন। উচ্চ শিক্ষা, ক্ৰীড়া, কৰ্মসংস্থাপন আদি সকলো অধিকাৰ এটি এটিকৈ হেৰুৱাই গৈ আছে আফগান মহিলাসকলে।

তালিবানী শাসকৰ চকুত আফগান মহিলাসকল সদায় তলততালিবানীৰ এই চূড়ান্ত পুৰুষতান্ত্ৰিক আৰু ৰক্ষণশীল শাসনৰ মাজতো কিছুদিন আগলৈকে কেনেবাকৈ চলি আছিল মহিলাৰ দ্বাৰা পৰিচালিত এটা ৰেডিঅ’ ষ্টেশ্য

এইবাৰ তালিবানে এই ৰেডিঅ’ ষ্টেশ্যনটোও বন্ধ কৰি দিলে। ষ্টেশ্যনটোৰ অপৰাধ আছিল ৰমজান মাহত ষ্টেশ্যনটোৱে সংগীত বজোৱাটো।

সদৈ বনৱান — দাৰী ভাষাত এই শব্দৰ অৰ্থ হৈছে নাৰীৰ কণ্ঠ। আফগানিস্তানৰ টোৱেই আছিল মহিলা দ্বাৰা পৰিচালিত একমাত্ৰ ৰেডিঅ’ ষ্টেশ্যষ্টেশ্যনটো আৰম্ভ কৰা হৈছিল দহ বছৰ আগতে। ষ্টেশ্যনটোত কাম কৰা ৮ গৰাকী কৰ্মচাৰীৰ ভিতৰত ৬ গৰাকীয়েই আছিল মহিলা।

দেশখনৰ বদাখছান প্ৰদেশৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ সঞ্চালক ম’জুদ্দিন আহমদীয়ে কয় যে ৰেডিঅ’ ষ্টেশ্যটোৱে ৰমজানত বহুবাৰ সংগীত সম্প্ৰচাৰ কৰি আইন ভংগ কৰিছিল। ভৱিষ্যতে আইন মানি চলাৰ প্ৰতিশ্ৰুতি দিলে পুনৰ কাম কৰিবলৈ দিয়া হ’ব।

অৱশ্যে ৰেডিঅ’ ষ্টেচনৰ মুৰব্বী নাজিয়া ছ’ৰোছে কয় যে আমি কোনো সংগীত বজোৱা নাছিলো। এয়া ৰেডিঅ’ ষ্টেশ্যনটো বন্ধ কৰাৰ এক ষড়যন্ত্ৰ মাথোঁ।