NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা: নিহত তিনিগৰাকী, দুগৰাকী আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2023 7:47 pm
road accident

গোৱালপাৰা জিলাত আজি পুৱা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত হোৱাৰ লগতে দুগৰাকী লোক আহত হয়।

গোৱালপাৰাৰ দুধনৈ থানাৰ অন্তৰ্গত ফাফলৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

এখন যাত্ৰীবাহী ব্যক্তিগত বাহনে এখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত পাঁচগৰাকী লোক থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

দুৰ্ঘটনাৰ ফলত বাহনখনৰ চালকসহ তিনিগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী কিশোৰীসহ আন দুগৰাকী লোক আহত হৈছে।

নিহত ব্যক্তি তিনিগৰাকীক আনাৰুল ইছলাম, নুৰ ইছলাম আৰু বিকি বৈশ্য বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আহত দুগৰাকী লোকক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয়।

খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাহনখন গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে যাত্ৰা কৰিছিল। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখন সেই স্থানৰ পৰা পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰে।