NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত আফ্ৰিকান হাতী! ৰাষ্ট্ৰপতি আদৰণি পোষ্টাৰত দেখা গ’ল আফ্ৰিকান হাতীৰ বিচৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 7, 2023 8:36 pm
Gaj Utsav

প্ৰজেক্ট এলিফেণ্টৰ ৩০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আয়োজন কৰা গজ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আজি অসমলৈ আহিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতিক আদৰিবলৈ ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে এক বিজ্ঞাপন।

ৰাষ্ট্ৰপতি মুৰ্মুক অসমলৈ আদৰণি জনাবলৈ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় সকলো দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰা হৈছিল এই বিজ্ঞাপন। পিছে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয় (ডি আই পি আৰ)- এ প্ৰকাশ কৰা এই বিজ্ঞাপনৰ পোষ্টাৰত ছবি লাগিল আফ্ৰিকান হাতীৰহে।

এই বিজ্ঞাপনক লৈ এতিয়া সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হৈছে তথ্য আৰু জনসংযোগ সঞ্চালকালয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৃশ্য প্ৰকাশ কৰিবলৈ বিজ্ঞাপনত আফ্ৰিকান হাতীৰ অপ্রাসংগিক ছবি ব্যৱহাৰ কৰাৰ বাবে নেটিজেনে তীব্ৰ সমালোচনা কৰিছে ডি আই পি আৰক৷

এই বিজ্ঞাপন শ্বেয়াৰ কৰি বন্যপ্ৰাণী কৰ্মী জয়ন্ত দাসে এক টুইটযোগে কয়, “…দুৰ্ভাগ্যজনক যে অসম পৰ্যটন বিভাগ আৰু ডি আই পি আৰ, অসমে আদৰণি বেনাৰত আফ্ৰিকান হাতীক দৃশ্যমান কৰি তুলিছে।”

 

এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে এই কাৰ্যক ৰাজ্যৰ বাবে লজ্জাজনক আখ্যা দিয়ে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি আন এগৰাকীয়ে আকৌ “মামাৰ দেশত সকলো সম্ভৱ” বুলি মন্তব্য আগবঢ়াইছে।

এগৰাকী লোকে আকৌ অসমৰ হাতীবোৰে ফটোৰ বাবে প’জ দিবলৈ অস্বীকাৰ কৰিলে নেকি বুলি বিদ্ৰুপভৰা মন্তব্য কৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ এই বিজ্ঞাপন সন্দৰ্ভত।