NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত দত্ত আৰু বিজেপি নেতা ডেকাৰ সম্পত্তিত ই ডিৰ চকু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2020 8:23 am
BJP-leader-Diban-Deka-and-ex-DIG-PK-Dutta-750x375

প্ৰবৰ্তন সঞ্চালকালয়ে (ই ডি) প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক পি কে দত্ত আৰু বিজেপি নেতা দিবন ডেকাৰ সম্পত্তিৰ বিতং তালিকা বিচাৰিছে।

দত্ত আৰু ডেকা দুয়োজনেই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত।

যোৱা বুধবাৰে নিশা আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা বিজেপি নেতা দিবন ডেকা ক গ্ৰেপ্তাৰ কৰিছে যদিও প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াগৰাকী বৰ্তমানো পলাতক।

বাতৰি অনুসৰি, প্ৰবৰ্তন সঞ্চালকালয়ৰ পত্ৰৰ পাছতে নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰি থকা  অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ইতিমধ্যে দত্ত আৰু ডেকা দুয়োজনৰে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ এখন তালিকা হস্তান্তৰ কৰিছে।

গৃহ বিভাগৰ সূত্ৰ প্ৰকাশ কৰে যে  ই ডিৰ পৰা পত্ৰ পোৱাৰ পাছতে অপৰাধ অনুসন্ধান শাখাই দত্ত আৰু ডেকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তালিকা হস্তান্তৰ কৰে।

ই ডিৰ সূত্ৰসমূহে লগতে সম্পত্তিসমূহৰ পৰীক্ষাৰ পাছতহে ইয়াৰ সঠিক হিচাপ নিৰ্দ্ধাৰণ কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা ডেকাক বিশেষ শাখাৰ মূখ্য কাৰ্যালয়ত আৰক্ষীয়ে জেৰা কৰি আছে।

আৰক্ষীয়ে ডেকা আৰু দত্তক গ্ৰেপ্তাৰ ক্ষেত্ৰত অনুসন্ধান দিয়া ব্যক্তিলৈ ১লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি জাননীও দিছিল।

প্ৰাক্তন ডিআইজি দত্ত ভাৰত-নেপাল সীমান্তৰ ওচৰৰ কোনো স্থানত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে।

যোৱা ২০ ছেপ্টেম্বৰত  উপ-পৰিদৰ্শকৰ পৰীক্ষা আৰম্ভ হোৱাৰ কেইমিনিটমান পূৰ্বেই ছচিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত পৰীক্ষা বাতিল কৰা হৈছিল।

এই কেলেংকাৰিত এতিয়ালৈকে ২০জনতকৈয়ো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।