NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত জড়িত আৰু দুজনক গ্ৰেপ্তাৰ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী October 3, 2020 9:01 am
Assam_Police_badge-1024x614-750x375

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই(চিআইডি) শুকুৰবাৰে নিশা উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত জড়িত দুজন ব্যক্তিক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোক দুজনক ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ প্ৰিয়নাথ গগৈ ওৰফে জিন্টু গগৈ আৰু বৰপথাৰ অঞ্চলৰ দিলীপ গগৈ ওৰফে ভাই বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহৰ মতে, দুযোজনেই প্ৰাক্তন ডি আই জি পি কে দত্তৰ ঘনিষ্ঠ সহযোগী।

অসম আৰক্ষীৰ চিআইডিৰ দলে দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰাৰ বাবে গুৱাহাটীলৈ নিয়ে।

‘’আমি গোচৰটোৰ প্ৰতিটো দিশেই লক্ষ্য কৰিছো আৰু ঘটনাত জড়িত কোনো ব্যক্তিকে সাৰি যাবলৈ দিয়া নহ’ব। আমি এটা দল গঠন কৰিছো আৰু প্ৰাক্তন ডি আই জি পি কে দত্তক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অভিযান চলি আছে,’’-এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়।

উল্লেখ্য যে যোৱা বুধবাৰে নিশা কেলেংকাৰিটোৰ আন এজন মূল অভিযুক্ত বিজেপি দিবন ডেকাক আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে।

যোৱা ২০ ছেপ্টেম্বৰত  উপ-পৰিদৰ্শকৰ পৰীক্ষা আৰম্ভ হোৱাৰ কেইমিনিটমান পূৰ্বেই ছচিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত পৰীক্ষা বাতিল কৰা হৈছিল।

এই কেলেংকাৰিত এতিয়ালৈকে ২০জনতকৈয়ো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।