NORTHEAST NOW (Assamese)
Popular Stories

গোলাপী নিচাত আকাশ চোৱাৰ মন! উৰন্ত বিমানৰ দুৱাৰ খোলাৰ চেষ্টা সুৰামত্ত যাত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2023 10:55 am

আকৌ অঘটন সংঘটিত হৈছে ভাৰতীয় বিমানত। শুকুৰবাৰে পুৱা ‘দিল্লীবেংগালুৰু ইণ্ডিগ’ বিমানখনত এজন ৪০ বছৰীয়া যাত্ৰীয়ে সুৰামত্ত অৱস্থাত বিমানখনৰ দুৱাৰ খোলাৰ চেষ্টা কৰে।

প্ৰকাশ পোৱা বাতৰি অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ৭:৫৬ বজাত আই জি আই বিমানবন্দৰৰ পৰা ৬ ই ৩০৮ নম্বৰ বিমানত এই ঘটনা সংঘটিত হয় ।

এই কাণ্ডৰ বিশদ বিৱৰণ দি ইণ্ডিগ’ৰ কৰ্তৃপক্ষই কয় যে, “দিল্লীৰ পৰা বেংগালুৰুলৈ যোৱা ৬ ই ৩০৮ নং বিমানত যাত্ৰা কৰা এজন যাত্ৰীয়ে মদ্যপান কৰি বিমানখন উৰি থকাৰ অৱস্থাতে জৰুৰীকালীন প্ৰস্থানৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰে।”

বিমান সংস্থাটোৱে কয় যে সুৰামত্ত যাত্ৰীজনৰ এই কাণ্ড দেখি বিমানখনৰ ক্ৰুৱে কেপ্তেইনক সতৰ্ক কৰি দিয়ে আৰু যাত্ৰীজনক এনে নকৰিবলৈ সতৰ্ক কৰি দিয়া হয়।

বেংগালুৰুত উপস্থিত হোৱাৰ লগে লগে বিমান কৰ্তৃপক্ষই যাত্ৰীজনক চিআইএছএফক গতাই দিয়ে। ইতিমধ্যে সুৰামত্ত যাত্ৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজো কৰা হৈছে বুলি জানিব পৰা গৈছে।