NORTHEAST NOW (Assamese)
অসম

বৰপেটাত সক্ৰিয় ৰূপত PFI! মৌলবাদী শক্তিৰে জড়িত ৩ নেতাক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2023 5:11 pm
PFI

নিষিদ্ধ ঘোষিত ইছলামিক সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া, চমুকৈ PFI সক্ৰিয় হৈ আছে বৰপেটাত! বৰপেটা আৰক্ষীয়ে আজি বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া আৰু সংগঠনটোৰ ভাতৃ শাখা কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ ৩ নেতাক।

গ্ৰেপ্তাৰ হোৱা নেতা কেইগৰাকী হৈছে কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ জাহিদুল ইছলাম(৩০), পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ ৰাজ্যিক সম্পাদক জাকিৰ হুছেইন (৩৪) আৰু ৰাজ্যিক সভাপতি আবু চামা(৫৪)।

ধৃত জাহিদুলৰ ঘৰ গোবৰ্ধনাৰ চুনবাৰীত বুলি জানিব পৰা গৈছে। আনহাতে জাকিৰ হুছেইনৰ ঘৰ গোবৰ্ধনাৰ কুঠুৰীঝাৰত আৰু আবু চামাৰ ঘৰ বৰপেটা ৰোডত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আবু চামাক ইয়াৰ পূৰ্বেও এবাৰ গ্ৰেপ্তাৰ কৰিছিল যদিও জামিন লৈ পুনৰ পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ কাম কাজত ব্যস্ত হৈ পৰে। উল্লেখ্য যে, দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত দুয়োটা সংগঠনক নিষিদ্ধ ঘোষণা কৰা হৈছিল।

দেশজুৰি সংগঠন দুটাৰ বিৰুদ্ধে চলা অভিযানৰ সমান্তৰালভাৱে ইতিমধ্যে বৰপেটাত মুঠ ৬ গৰাকী পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ আৰু কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।

বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে।