NORTHEAST NOW (Assamese)
অসম

ওদালগুৰি জিলাতো পালন কৰা হ’ল আন্তৰ্জাতিক শ্ৰমিক দিৱস

Posted by: চাজিদ খান May 2, 2018 10:58 am
paneri-labour-570x320

মঙলবাৰে সমগ্ৰ বিশ্বৰ লগতে ওদালগুৰি জিলাতো উদযাপন কৰা হয় মে’ দিৱস।  জিলাখনৰ পানেৰী চাহ বাগিচাত বিভিন্ন শ্ৰমিকৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰ মাজৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়।

অসম চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাই আয়োজন কৰা শ্ৰমিক দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে মঙলদৈ শাখা চাহ মজদুৰ সংঘৰ সভাপতি ইছমাইল হিয়ালে। এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আয়োজক সমিতিৰ সম্পাদক তথা ৰাজ্য সভাৰ সাংসদ শান্তিয়াজ কুজুৰ।

এসময়ৰ ছাত্ৰ নেতা তথা বৰ্তমানৰ দক্ষ ৰাজনীতিবিদৰূপে পৰিচিত সাংসদ কুজুৰে নিজৰ ভাষণত কয়- ‘১৯৫৮ চনতে জন্মগ্ৰহণ কৰা অসম চাহ মজদুৰ সংঘই জন্মলগ্নৰে পৰা বিভিন্ন ক্ৰান্তিকাৰী পদক্ষেপ লোৱাৰ লগতে চাহ শ্ৰমিকসকলৰ উন্নয়নৰ হকে কাম কৰি আছে’।

paneri-labour-1-300x169

ওদালগুৰি জিলাৰ ১৮ খন চাহ বাগিচাৰ পৰা অহা শ্ৰমিকসকলক তথা অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলক শ্ৰমিক দিৱসত উপস্থিত থকা বাবে সাংসদ কুজুৰে ধন্যবাদ জনায়। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ উন্নয়নৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলিও অভিযোগ উত্থাপন কৰে শান্তিয়াজ কুজুৰে।

তেওঁ লগতে উল্লেখ কৰে যে ১৯৫১ চনৰ প্লেণ্টেশ্যন লেবাৰ এক্টৰ অধীনত সকলো শ্ৰমিকে স্বাস্থ্য সেৱা, শিক্ষা, ৰেছনৰ উপৰি মজুৰী পোৱাটো বাঞ্চনীয়।