NORTHEAST NOW (Assamese)
অসম

উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডত আটক টীয়কৰ যুৱক; হতাশ পিতৃ-মাতৃ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক November 23, 2021 8:01 am
Teok youth arrested by Assam Rifles

সন্দেহজনক উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ গৈ টীয়কৰ এজাৰগুৰিৰ সুনীল বৰা আৰু অৰ্পনা বৰাৰ একমাত্ৰ পুত্ৰ মেধাৱী যুৱক অৰিন্দম বৰাক নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলচে আটক কৰে।

জানিব পৰা মতে, যোৱা শুকুৰবাৰে ব্ৰইলাৰৰ দানা আনিব বুলি ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন।

ঘৰলৈ ঘূৰি নহা দেখি পিতৃ-মাতৃয়ে প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল যদিও সোমবাৰে পুৱা নাগালেণ্ডৰ পৰা সন্দেহজনক উগ্ৰপন্থী সংগঠনত যোগদানৰ খবৰ অহাত হতাশ হৈ পৰিছে পিতৃ-মাতৃ।

Also Read: Crime in the City পুনৰ মহানগৰীত ৰহস্যজনক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে হানি খুচি হত্যা কৰাৰ সন্দেহ এজন লোকক

সেয়ে পুত্ৰক সোঁশৰীৰে ঘুৰাই দিবলৈ চৰকাৰক অনুৰোধ জনাইছে আৰু অনাগত দিনসমূহত পুত্ৰক বুজাই পৰাই সামাজিক হোৱাত বাধ্য কৰাব বুলি মন্তব্য কৰিছে।

মন কৰিবলগীয়া যে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অৰিন্দমে আৰ্থিক অনাটনৰ বাবে কলেজত নাম ভৰ্তি কৰিব পৰা নাছিল।

Also Read: গুৱাহাটীলৈ যাম বুলি ওলাই অহা যুৱক গ’ল আলফালৈ! আদবাটতে গ্ৰেপ্তাৰ

যুৱকজনে খেতি বাতি আৰু ব্ৰইলাৰ ফাৰ্মৰ জড়িয়তে নিজৰ খৰচ উলিয়াই পৰিয়াল পোহপালত সহায়ৰ হাত আগবঢ়াইছিল।