NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

যৌৱন গ’লে পাবলৈ নাই, কালৰ সোঁতত হেৰাই যোৱা কেইগৰাকীমান ভাৰতীয় সুন্দৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2023 10:07 pm

বছৰ বছৰ ধৰি বিশ্ববাসীক ভাৰতৰ সুন্দৰী নাৰীসকলে আকৰ্ষিত কৰি আহিছে। ভাৰতীয় নাৰীৰ সৌন্দৰ্যৰ তুলনা আন ক’তো পাবলৈ নাই।

আজি আমি আপোনালোকৰ স্মৃতিপটত জিলিকাই তুলিব খুজিছোঁ কালৰ সোঁতত হেৰাই যোৱা ভাৰতীয় ইতিহাসৰ এনে পাঁচগৰাকী নাৰী, যিকেইগৰাকী নাৰী এটা সময়ত আছিল হাজাৰ হাজাৰ যৌৱনৰ কম্পনাংক। যি কেইগৰাকী নাৰীয়ে এটা সময়ত লাখ লাখ মানুহক নিজৰ সৌন্দৰ্যৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল।

  • মহাৰাণী গায়ত্ৰী দেৱী –

মহাৰাজা ছাৱাই মান সিং দ্বিতীয়ৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ১৯৪০ চনৰ পৰা জয়পুৰৰ তৃতীয় মহাৰাণী আছিল গায়ত্ৰী দেৱী। ১৯৭০ চনত জয়পুৰ ৰাজ্য ভাৰতৰ অংশ হ’বলৈ স্বামীয়ে স্বাক্ষৰ কৰাৰ পিছত তেওঁক জয়পুৰৰ ৰাজমাতা মহাৰাণী গায়ত্ৰী দেৱী নামেৰে জনা গৈছিল।

কোচবিহাৰৰ হিন্দু ৰজাঘৰীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল গায়ত্ৰী দেৱীয়ে। তেওঁৰ পিতৃ আছিল পশ্চিম বংগৰ কোচ মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ আৰু মাতৃ আছিল মাৰাঠা ৰাজকুমাৰী ইন্দিৰা ৰাজে।

সেই সময়ত গায়ত্ৰী দেৱীক তেওঁৰ সৌন্দৰ্য্যৰ বাবে উদযাপন কৰা হৈছিল আৰু তেওঁ ফেশ্যনৰ এক আইকণলৈ পৰিণত হৈছিল।

এসময়ত তেওঁক Vogue নামৰ আলোচনীখনৰ ১০ গৰাকী সুন্দৰী নাৰীৰ তালিকাত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।

মহাৰাণী গায়ত্ৰী দেৱী আছিল এগৰাকী পাকৈত পখেলুৱৈ আৰু এগৰাকী দুৰ্দান্ত ৰাইডাৰ। গাড়ীৰ প্ৰতি আছিল তেওঁৰ সাংঘাতিক চখ।

  • নূৰ ইনায়ত খান –

নূৰউননিছা ইনায়াত খান, যাক নোৰা ইনায়াতখান আৰু নোৰা বেকাৰ বুলিও কোৱা হয়। দ্বিতীয় বিশ্বযুদ্ধত ফ্ৰান্সত ব্ৰিটিছ প্ৰতিৰোধী এজেণ্ট আছিল তেওঁ। তেওঁ বিশেষ অভিযান কাৰ্যবাহী (SOE) বিভাগত কাৰ্যনিৰ্বাহ কৰিছিল।

কিন্তু ইনয়াত খানক বিশ্বাসঘাতকতা কৰি বন্দী কৰা হয় আৰু ডাচাউ কনচেনট্ৰেচন কেম্পত ফাঁচী দিয়া হয়।

মৰণোত্তৰভাৱে তেওঁৰ সেৱাৰ বাবে তেওঁক জৰ্জ ক্ৰছ বঁটা প্ৰদান কৰা হয়। এইটো হৈছে যুক্তৰাজ্যত বীৰত্বৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক সন্মান।

  • মাধুবলা

মুমতাজ জেহান বেগম দেহলৱী নামেৰে জন্মগ্ৰহণ কৰা মধুবালা হৈছে হিন্দী চলচিত্ৰত কাম কৰা এগৰাকী অভিনেত্ৰী আৰু প্ৰযোজক।

ঐতিহাসিক মহাকাব্যিক নাটক মোগলআজম (১৯৬০)ত মধুবালাই অনৰ্কালীৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই সময়ত ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি আছিল মোগলআজম।

হিন্দী চলচ্চিত্ৰ জগতৰ বিখ্যাত গায়ক কিশোৰ কুমাৰৰ পত্নী আছিল মধুৱালা।

  • ৱাহিদা ৰেহমান

বলিউডৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সুন্দৰী হিচাপে গণ্য কৰা হয় ৱাহিদা ৰেহমানক।

গোটেই কেৰিয়াৰত বিভিন্ন বঁটা লাভ কৰাৰ লগতে বলীউডৰ “আটাইতকৈ ধুনীয়া অভিনেত্ৰী” হিচাপে অন্য এক খ্যাতি আছিল এইগৰাকী সুন্দৰীৰ।

  • নাৰ্গিছ দত্ত

ফাতিমা ৰছিদ নামেৰে জন্মগ্ৰহণ কৰা নৰ্গিছ দত্তই মাদাৰ ইণ্ডিয়া ৰাধাৰ চৰিত্ৰত অভিনয় কৰি নিজৰ এক সুকীয়া পৰিচয় ৰচনা কৰি থৈ গৈছে। ভাৰতীয় ৰাজনীতিটো এক সুকীয়া স্থান আছিল এইগৰাকী সুন্দৰী অভিনেত্ৰীৰ।