NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ অসম চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2023 8:11 am
Assam Prateek Hajela NRC

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে NRC ৰ চূড়ান্ত খচৰা প্ৰকাশৰ সংঘটিত হোৱা বিজুতিৰ অভিযোগত অসম চৰকাৰে বুধবাৰে গোচৰ ৰুজু কৰে। ৰাজ্য চৰকাৰে বিষয়টোৰ সন্দৰ্ভত suo moto cognizance লৈ এই গোচৰ ৰুজু কৰে।

ভাৰতীয় নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (CAG) য়ে দাখিল কৰা প্ৰতিবেদনৰ পিছতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰে। কেগৰ প্ৰতিবেদনত এন আৰ চিৰ তালিকা উন্নীতকৰণ প্ৰক্ৰিয়াত কেইবাটাও বিজুতি উন্মোচিত হৈছে।

বুধবাৰে বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতীক হাজেলাই স্বেচ্ছামূলক অৱসৰ (ভি আৰ এছ) ল’ব লাগে বুলি মন্তব্য কৰে। হাজেলাই স্বেচ্ছামূলক অৱসৰ ল’লে অসমৰ ৰাইজৰ জয় হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী শৰ্মাই।

মন কৰিবলগীয়া যে ২০২১ চনৰ মে’ মাহত অসম আৰক্ষীৰ চিআইডি শাখাত এফআইআৰ দাখিল কৰা হৈছিল প্ৰতীক হাজেলাৰ বিৰুদ্ধে। উল্লেখযোগ্য যে ১৯৫১ চনৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া প্ৰতীক হাজেলাৰ অধীনত ২০১৫ চনত আৰম্ভ হৈছিল।

এন আৰ চিৰ চূড়ান্ত তালিকা ২০১৯ চনৰ আগষ্ট মাহত প্ৰকাশ পাইছিল। চূড়ান্ত তালিকাত ৩,১১,২১,০০৪ জন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু ১৯,০৬,৬৫৭ জন ব্যক্তিৰ নাম বাদ দিয়া হৈছিল।