NORTHEAST NOW (Assamese)
অসম

আপ, অসমৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথক জামিন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2023 9:06 am
Bihu world record

বিশ্ব ৰেকৰ্ডৰ মানসেৰে অসম চৰকাৰে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলগীয়া কাৰ্যসূচী সন্দৰ্ভত ভুৱা খবৰ প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আম আদমি পাৰ্টিৰ অসম শাখাৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথক বুধবাৰে জামিন প্ৰদান কৰে আদালতে।

সুশান্ত কুমাৰ নাথে ছ’চিয়েল মিডিয়াত এক পোষ্ট যোগে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেগা বিহু প্ৰদৰ্শনৰ বাবে চৰকাৰে টিকট বিক্ৰী কৰি আছে বুলি দাবী কৰিছিল।

মঙলবাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰি গুৱাহাটীত সুসন্ত কুমাৰ নাথক

আপ নেতাগৰাকীয়ে কৰা এই মন্তব্যৰ পাছতে পাণবজাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যিকোনো ব্যক্তিয়ে ভুল তথ্য প্ৰচাৰ কৰিলে কৰ্তৃপক্ষই কঠোৰ শাস্তি প্ৰদান কৰিব বুলি মন্তব্য কৰিছিল।

বিহু অনুষ্ঠানৰ বাবে সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ বিনামূলীয়া কৰা হৈছে বুলি লগতে উল্লেখ কৰিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাই।

ইফালে, অসম চৰকাৰে মেগা বিহু প্ৰদৰ্শনেৰে গিনিজ বিশ্ব অভিলেখ গঢ়ি তোলাৰ চেষ্টাৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে।

অসমীয়া নৱবৰ্ষ উপলক্ষে আজি অনুষ্ঠিত হ’বলগীয়া মেগা বিহু নৃত্য প্ৰদৰ্শনত ১১ হাজাৰৰো অধিক নাচনী আৰু ঢুলীয়াই অংশগ্ৰহণ কৰিব।