NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ কেজৰিৱালৰ পাল! আবকাৰী দুৰ্নীতিৰ গোচৰত চিবিআইৰ চমন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 15, 2023 7:07 am

দিল্লীৰ কথিত আৱকাৰী কেলেংকাৰীয়ে পিছ এৰা নাই দিল্লী চৰকাৰক। দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ পাছত এই কেলেংকাৰীৰ গোচৰত চিবিআইৰ জেৰাৰ সন্মুখীন হ’ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেৰজিৱাল।

ইতিমধ্যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চিবিআইএ চমন প্ৰেৰণ কৰিছে। ১৬ এপ্ৰিল দেওবাৰে চিবিআইৰ কাৰ্যালয়ত কেজৰিৱালক জেৰাৰ বাবে উপস্থিত হ’বলৈ চমন কৰা হৈছে।

উল্লেখ্য যে এই গোচৰতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা কেজৰিৱালৰ ঘনিষ্ঠ বন্ধু মনীষ ছিছ’দিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে। তিহাৰ কাৰাগাৰত থকাৰ সময়তে ইডিঅ’ই গ্ৰেপ্তাৰ কৰিছিল ছিছ’দিয়াক। এইবাৰ এই গোচৰত চিবিআইৰ জেৰাৰ সন্মুখীন হ’বলৈ গৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী।

কিছুদিন পূৰ্বে আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰিছিল। সেই উপলক্ষে দলৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কেজৰিৱালে কয় যে “এইবাৰ দলে ৰাষ্ট্ৰী পাৰ্টিৰ মৰ্যাদা লাভ কৰিছে। সকলোৱে জে’ললৈ যাবলৈ সাজু হওক।”

ইফালে গোৱাৰ পৰাও কেজৰিৱাললৈ বেয়া খবৰ আহিছে। গোৱাৰ পাৰ্নেম থানাৰ আৰক্ষীয়েও অৰবিন্দ কেজৰিৱাললৈ চমন জাৰি কৰিছে। পাৰ্নেম আৰক্ষীয়ে জাৰি কৰা চমনত অৰবিন্দ কেজৰিৱালক ২৭ এপ্ৰিলৰ পুৱা ১১ বজাত থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। অভিযোগ উত্থাপন হৈছে যে আপ-এ অৰবিন্দ কেজৰিৱালৰ পোষ্টাৰ ব্যৱহাৰ কৰি ৰাজহুৱা সম্পত্তি বিকৃত কৰিছে।