NORTHEAST NOW (Assamese)
Popular Stories

কি দিন পৰিল! ছাত্ৰৰ সৈতে অনৈতিক যৌন আচৰণৰ অপৰাধত গ্ৰেপ্তাৰ ৬ গৰাকী শিক্ষয়িত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2023 8:58 am

ছাত্ৰৰ সৈতে অনৈতিক যৌন আচৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৬গৰাকী শিক্ষয়িত্ৰীক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এলেন শ্বেল ডানভিলৰ বাসিন্দা। শিক্ষয়িত্ৰীগৰাকীৰ বয়স ৩৮ বছৰ। তেওঁৰ বিৰুদ্ধে থাৰ্ড ডিগ্ৰীৰ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ১৬ বছৰীয়া দুগৰাকী ছাত্ৰৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উঠিছে।

শ্বেলে আমেৰিকাৰ উডলন এলিমেন্টেৰি স্কুলত শিক্ষকৰ সহায়ক হিচাপে কাম কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ লেংকেষ্টাৰ এলিমেন্টেৰি স্কুলত কৰ্মৰত আছিল।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত ওপঙি থকা অৱস্থাত উদ্ধাৰ পলাতক গঁড় চিকাৰীৰ মৃতদেহ

আৰ্কানসাছৰ শিক্ষয়িত্ৰী হিথাৰ হেৰ (৩২)ৰ বিৰুদ্ধেও একেধৰণৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ বিৰুদ্ধে এগৰাকী কিশোৰ ছাত্ৰৰ সৈতে যৌন সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ অনা হৈছে।

ওকলাহোমাৰ ২৬ বছৰীয়া শিক্ষয়িত্ৰী এমিলি হেনকককো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধেও একেধৰণৰ অভিযোগ উত্থাপন হৈছে।

৩৬ বছৰীয়া শিক্ষয়িত্ৰী ক্ৰীষ্টেন গেণ্টৰ বিৰুদ্ধেও একেধৰণৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়ৰ ভিতৰতে এগৰাকী নাবালক ছাত্ৰৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: একেৰাহে ৯ ঘণ্টাৰ মাৰাথন জেৰা; কেজৰিৱালক ৫৬টা প্ৰশ্ন চিবিআইৰ

জেমছ মেডিচন হাইস্কুলৰ শিক্ষয়িত্ৰী আলেয়া খেৰাদামাণ্ডৰ বয়স ৩৩ বছৰ। তেওঁৰ বিৰুদ্ধেও অনৈতিক যৌন আচৰণৰ অভিযোগ উঠিছে।