NORTHEAST NOW (Assamese)
অসম

মাজুলীত চকলা চকলে খহিছে নিৰ্মীয়মান পকী পথ : আছুৰ প্ৰতিবাদত উত্তাল মাজুলীৰ ৰাজপথ

Posted by: মিটু খাটনিয়াৰ May 2, 2018 5:13 pm

মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি যাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই চকলা চকলকৈ এৰাই গৈছে পকী পথ।

উল্লেখযোগ্য যে নামনি মাজুলীৰ মেৰুদণ্ড স্বৰূপ গড়মূৰ বালিচাপৰি গড়কাপ্তানি পথটো নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে যদিও পথটোৰ নিৰ্মাণত ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগৰ বিষয়াই ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে।

যাৰ ফলত ৬৪ লাখ টকা ব্যয়ৰে নিৰ্মাণৰ কাম চলি থকা পথটোৰ নিৰ্মাণ সম্পুৰ্ণ হোৱাৰ আগতেই বিভিন্ন অংশ চকলা চকলকৈ খহি পৰা দেখা গৈছে। শিল নিদিয়াকৈয়ে কেৱল বালি মাটিৰ ওপৰতে ব্লেক টপিং দিয়া হৈছে বুলি স্থানীয় ৰাইজৰ অভিযোগ কৰে।

ইয়াৰ প্ৰতিবাদত আজি মাজুলী ছাত্ৰ সন্থাই বালিচাপৰিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে পথ নিৰ্মাণত চলি থকা দুৰ্নীতি বন্ধ কৰাৰ লগতে পুনৰ পথটো নিৰ্মানৰ দাবী তোলে।