NORTHEAST NOW (Assamese)
অসম

‘মই অমিত শ্বাহক ফোন কৰা প্ৰমাণ দিব পাৰিলে পদ এৰি দিম’- কিয় মমতা বেনাৰ্জীৰ এই প্ৰত্যাহ্বান?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 19, 2023 7:19 pm

ৰাষ্ট্ৰীয় দলৰ খিতাপ হেৰুৱাই কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক ফোন কৰিছিল মমতা বেনাৰ্জীয়ে। মঙলবাৰে এনে দাবী উত্থাপন কৰে বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে। বুধবাৰে ইয়াৰ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী তথা তৃণমূল নেত্ৰীগৰাকীয়ে কয় যে যদি শুভেন্দুৱে তাৰ প্ৰমাণ দিব পাৰে তেন্তে তেওঁ পদত্যাগ কৰিব।

এই প্ৰসংগতে মমতাই তৃণমূল নেচনেল পাৰ্টি আছিল, আছে আৰু থাকিব বুলিও জনাই দিয়ে।

‘’তেওঁ ফোন কৰে। কিন্তু অমিত শ্বাহজীয়ে স্পষ্ট কৰি দিয়ে যে সেয়া সম্ভৱ নহয়। নিৰ্বাচন আয়োগে সকলো নিয়ম অনুসৰি কৰিছে।‘’ শুভেন্দুৰ এই দাবীক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হ’বলৈ ধৰে।

লগতে পঢ়ক: যোগীৰ ৰাজ্যতহে সম্ভৱ! ‘মুখ্য অতিথি’ গোমাতাৰ দ্বাৰা উদ্বোধন ৰেষ্টুৰেণ্ট

বুধবাৰে এখন সংবাদমেলত মুখ্যমন্ত্রীয়ে তেওঁক প্ৰত্যাহ্বান জনাই কয়, ‘’পাবতগজা বিৰোধী দলৰ নেতাই যি মন যায় তাকেই কৈছে। এই দাবী সম্পূৰ্ণ মিছা। পৰিকল্পিতভাৱে ভুল বাৰ্তা দিয়া হৈছে। জনসমৰ্থন নাই। সেয়ে এইবোৰ মিছা অভিযোগ উত্থাপন কৰিছে।‘’

মুখ্যমন্ত্রীগৰাকীয়ে বিৰোধী দলৰ নেতাগৰাকীক প্ৰত্যাহ্বান জনাই কয়, ‘’যদি এই অভিযোগ প্রমাণ পাৰে, তেন্তে মই মুখ্যমন্ত্রীৰ পদ এৰি দিম৷ মোক ইমান সহজে লোৱাৰ কোনো কাৰণ নাই। বহুদিনৰ পৰা ৰাজনীতিত আছো। প্ৰমাণ কৰিব নোৱাৰিলে তুমি মানুহক জবাব দিবানে?’’

লগতে পঢ়ক: অৰ্জুনৰ লক্ষ্যভেদ! আই পি এলত প্ৰথমটো উইকেট! পুত্ৰ অৰ্জুনৰ বিষয়ে কি ক’লে পিতৃ শচীনে?

ইয়াৰ পিছতে তেওঁ বিজেপিক উদ্দেশ্যি কয় যে তৃণমূল সৰ্বভাৰতীয় পাৰ্টি আছিল, আছে আৰু থাকিব। তেওঁ কয়, ‘’নিৰ্বাচন আয়োগৰ মানে আপুনি যি বিচাৰে তাকে কৰিব পাৰে? নিয়ম অনুসৰি প্ৰতি দহ বছৰৰ মূৰে মূৰে নবীকৰণ কৰা হয়। শেষবাৰৰ বাবে ২০১৬ চনত ইয়াক নবীকৰণ কৰা হৈছিল। সেই হিচাপে ২০২৬ চনলৈকে সময় আছে। সেই পিনৰ পৰা আমি সৰ্বভাৰতীয় দল আছিলোঁ, আছো আৰু থাকিম। আমাৰ দলৰ নাম আছিল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ আৰু সেয়া থাকিব। বিজেপিৰ হাতত কমিচন আছে, আমাৰ পক্ষত মানুহ আছে। আমি মানুহক দি কৰিম। ক্ষমতাত আছে বুলিয়েই  যি মন যায় তাকে নকৰিব।‘’ .